আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ বান অসম আৰু অস্তিত্ব অসমৰ আত্মসমৰ্পণ

নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনত আন এক মোক্ষম আঘাত ৷ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ হিচাপে চৰ্চা হোৱা অৰুণোদয় অসমৰ পাছত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে আলফা স্বাধীনৰ আন দুই দুৰ্ধৰ্ষ কেডাৰে ৷ আত্মসমৰ্পণ কৰা উগ্ৰপন্থী দুজন বান অসম আৰু অস্তিত্ব অসম বুলি চিনাক্ত কৰা হৈছে ।

তিনিচুকীয়া আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, অৰুণাচল প্ৰদেশৰ নঙটাও খামটী নামৰ এক স্থানৰ পৰা অসম আৰক্ষীৰ এটা দলে অৰুণাচল আৰক্ষীৰ সহযোগত বান অসম আৰু অস্তিত্ব অসমক উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ দলটোৱে নামচাই আৰক্ষী থানাৰ পৰা দুয়োকে নিজৰ জিম্মাত লয় আৰু তেওঁলোকক তিনিচুকীয়া সদৰ আৰক্ষী থানালৈ অনা হয় ৷ সম্প্ৰতি তিনিচুকীয়া সদৰ আৰক্ষী থানাতেই বান অসম আৰু অস্তিত্ব অসমৰ মাৰাথন জেৰা চলা থকা হৈছে ।

তিনিচুকীয়া আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, দুই কেডাৰৰ পৰা আৰক্ষীয়ে এটা এম কিউ ছিৰিজৰ ৰাইফল, ১৫৩ ৰাউণ্ড সক্ৰিয় গুলী, তিনিটাকৈ মেগজিন আৰু এটা EY shell উদ্ধাৰ কৰে ৷ জানিব পৰা মতে, বান অসম আৰু অস্তিত্ব অসম পূৰ্বে অৰুণোদয় দহোতীয়াৰ নেতৃত্বত থকা মূল শিৱিৰটোৰ কেডাৰ আছিল ৷ আত্মসমৰ্পণৰ বাবে অসমত প্ৰৱেশ কৰা পূৰ্বে ২৭ নৱেম্বৰত ম্যানমাৰৰ ৭৭৯ শিৱিৰৰ পৰা পলায়ন কৰিছিল বান অসম আৰু অস্তিত্ব অসমে ।

উল্লেখ্য যে, কাকপথাৰৰ ভাৰতীয় সেনাৰ শিৱিৰত আলফা স্বাধীনে কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পাছৰে আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে ৷ এই সময়চোৱাত আৰক্ষীৰ জালত পৰিছে ইগৰাকীৰ পাছত সিগৰাকী দুৰ্ধৰ্ষ কেডাৰ ৷ ইয়াৰ মাজতেই ২৩ নৱেম্বৰত আলফা স্বাধীনৰ সাধাৰণ সম্পাদক তথা বিত্ত সম্পাদক স্বয়ম্ভূ মেজৰ জেনেৰেল অৰুণোদয় অসম ওৰফে অৰুণোদয় দহোতীয়াই অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷

ৰহস্যজনকভাৱে অৰুণোদয় দহোতীয়াই আত্মসমৰ্পণ কৰাৰ পাছতে পুনৰ দুই কেডাৰে আত্মসমৰ্পণ কৰা বিষয়টো আলফা স্বাধীনৰ শিৱিৰত যে মোক্ষম আঘাত পৰিব সেয়া নিশ্চিত । অৱশ্যে, এইপৰ্যন্ত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰাটোও আশ্চর্যজনক ।

Related Articles