বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই আজি লেটিন আমেৰিকাৰ দেশ ইকুবেড গণৰাজ্যৰ ৰাজধানী কিট’ত দেশখনৰ ৰাষ্ট্ৰপতি ডেনিয়েল নবোৱাক সাক্ষাৎ কৰি দুয়োখন দেশৰ কেতবোৰ দিশ আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে।

উল্লেখ্য যে, চেণ্ট্ৰেল আৰু লেটিন আমেৰিকা ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই ইকুৱেডৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰী আৰু শীৰ্ষ বিষয়াবৰ্গৰ সৈতে দেশৰ হৈ দ্বিপাক্ষিক আলোচনা কৰাৰ লগতে ইকুৱেডৰ ৰাজধানী কিট’ত ভাৰতবৰ্ষৰ নৱ-প্ৰতিষ্ঠিত দূতাৱাসৰ উদ্বোধন কৰে।
ভ্ৰমণসূচীত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই বিদেশ মন্ত্রী গেব্রিয়েলা ছ’মবফেল্ডকো সাক্ষাৎ কৰে। বৈঠকত দুয়ো পক্ষই ৰাজনৈতিক, বাণিজ্যিক, ভেষজ প্রশিক্ষণ আৰু সামর্থ্য বৃদ্ধিৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আন ক্ষেত্রসমূহৰ সহযোগিতা সুদৃঢ় কৰাৰ সুযোগত অন্বেষণ কৰে।

বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ কূটনৈতিক প্রশিক্ষণ প্রতিষ্ঠানসমূহৰ মাজত সহযোগিতাৰ বাবে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। বৈদেশিক পৰিক্রমা দপ্তৰৰ ৰাজ্যমন্ত্রী পবিত্র মাৰ্ঘেৰিটা আৰু শ্রীমতী ছ’মাৰফেল্ডে কালি যুটীয়াভাবে ইকুৱেডৰ ৰাজধানী কুইট’ত ভাৰতীয় দূতাবাসো উদ্বোধন কৰে।
শ্ৰী মাৰ্ঘেৰিটাই লগতে ভাৰত আৰু ইকুৱেডৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ বিভিন্ন উপায় সম্পর্কে দেশখনৰ আগশাৰীৰ ব্যৱসায় জগতৰ প্রতিনিধিসকলৰ সৈতে মত বিনিময় কৰে।

