উচ্চ ন্যায়ালয় অসম চৰকাৰৰ মতে নচলে: সংবাদমেলত মহাধিবক্তা দেৱজিৎ শইকীয়া

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ প্ৰক্ৰিয়া সন্দৰ্ভত চলি থকা বিতৰ্কৰ মাজতে মহাধিবক্তা দেৱজিৎ লন শইকীয়াই আজি সংবাদমেল সম্বোধন কৰি স্পষ্ট কৰে যে উচ্চ ন্যায়ালয় অসম চৰকাৰৰ মতে নচলে আৰু চৰকাৰৰ ভুল-ভ্ৰান্তি দেখুৱাই দিয়াটো হাইক’ৰ্টৰ দায়িত্ব।

ৰংমহলত উচ্চ ন্যায়ালয়ৰ শিলান্যাস সন্দৰ্ভত দেৱজিৎ শইকীয়াই কয়, “যোৱা ৩-৪ বছৰৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ প্ৰক্ৰিয়াক লৈ বিতৰ্ক চলি আছে। এই প্ৰক্ৰিয়াত কোনোবাই সমৰ্থন কৰিছে, কোনোবাই বিৰোধ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা থকাৰ সময়তেই এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।”

তেওঁ কয়, “২০২২ চনৰ অক্টোবৰ-নৱেম্বৰ মাহত বৰাগাঁৱলৈ CJM আদালতৰ স্থানান্তৰ কৰাৰ চেষ্টা চলোৱা হৈছিল। ২৫ নৱেম্বৰ ২০২২ তাৰিখে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছিল যদিও তেতিয়ালৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ কোনো প্ৰস্তাৱ অহা নাছিল। বাৰ কাউন্সিলে কেৱল এখন কৰ্ট স্থানান্তৰ কৰিলে অসুবিধা হ’ব বুলি কৈছিল। সকলো কৰ্ট একেটা স্থানলৈ লৈ গ’লে কোনো আপত্তি নাথাকিব বুলিও তেওঁলোকে উল্লেখ কৰিছিল।”

ন্যায়াধীশসকলৰ নিৰাপত্তা আৰু সুবিধা সন্দৰ্ভত দেৱজিৎ শইকীয়াই কয়, “পূৰ্বে ১৯ জন ন্যায়াধীশ আছিল যদিও বৰ্তমান সেই সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে। ন্যায়াধীশসকলৰ নিৰাপত্তা আৰু বাসস্থানক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠিছে। বৰ্তমান তেওঁলোক ফ্লেটত থাকিবলগীয়া হৈছে আৰু কেৱল ৭টা কোৱাটাৰহে উপলব্ধ। মহিলা ন্যায়াধীশসকলৰ বাবে থকা-খোৱাৰ সু-ব্যৱস্থা নাই। পাৰ্কিঙৰ ব্যৱস্থা অতি দুৰ্বল। প্ৰায় ১ হাজাৰ প্ৰেকটিচ কৰা অধিবক্তাই নিজ নিজ গাড়ীতেই চেম্বাৰ খুলি ল’বলগীয়া হৈছে। কেণ্টিনৰ ব্যৱস্থা বেয়া, প্ৰেক্ষাগৃহো নাই।”

শইকীয়াই লগতে কয়, “মুখ্য ন্যায়াধীশৰ কোৱাটাৰটো হেৰিটেজ বিল্ডিং হিচাপে ঘোষণা কৰি থোৱা হৈছে। ২০২৩ চনত মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই এই সন্দৰ্ভত অনুৰোধ কৰিছিল। উচ্চ ন্যায়ালয় স্থানান্তৰৰ সিদ্ধান্ত অসম চৰকাৰে একপক্ষীয়ভাৱে লোৱা নাই। এই সন্দৰ্ভত ভুল ব্যাখ্যা দিয়া হৈছে। উচ্চ ন্যায়ালয় ক’ত বহিব আৰু কেনেকুৱা হ’ব—এই সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব মুখ্য ন্যায়াধীশৰ হাততেই আছে।”

ইফালে, গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কয়, “হাই কৰ্ট বাৰ এচ’ছিয়েচনৰ ধৰ্মঘটৰ কোনো যুক্তি নাই। গুৱাহাটীৰ পৰা ৰংমহললৈ আহিবলৈ ৪০০-৫০০ টকা খৰচ কৰাৰ প্ৰয়োজন নাই। ফেব্ৰুৱাৰী মাহত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দলং মুকলি হোৱাৰ লগে লগেই নিমিষতে হাইক’ৰ্টলৈ আহিব পাৰিব।”

তেওঁ আৰু কয়, “মই যদি মুখ্যমন্ত্ৰী হৈ থাকো, অহা ১০ বছৰত ৰিং ৰ’ডৰ কাষে কাষে মেট্ৰ’ ট্ৰেইনৰ ব্যৱস্থাও কৰা হ’ব। যিসকলে এই প্ৰক্ৰিয়াৰ বিৰোধ কৰিছে তেওঁলোকে নিৰাশাৰে দেখে, মই আশাৰে দেখো। উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত মোৰ নহয়—এইটো ন্যায়াধীশসকলৰ সিদ্ধান্ত। প্ৰথম পৰ্যায়ত ৫০০ কোটি টকা ব্যয়েৰে কাম আৰম্ভ কৰি পৰৱৰ্তী সময়ত আৰু ১২০০ কোটি টকা খৰচ কৰি এখন পূৰ্ণাংগ ‘Judicial City’ নিৰ্মাণ কৰা হ’ব।”

Related Articles