
উজনি অসমত বৰ্তমানেও অব্যাহত আছে মিঞা খেদা অভিযান। উজনি অসম তথা যোৰহাট, শিৱসাগৰকে ধৰি বিভিন্ন অঞ্চলত বাংলাদেশী মিঞাৰ বিৰুদ্ধে ব্যাপক পোষ্টা ৰিং, হৰ্ডিং লগোৱা কাৰ্য আজিও অব্যাহত আছে অসমীয়া যুৱমঞ্চ, জাতীয় সংগ্ৰামী সেনা, বীৰ লাচিত সেনা, খিলঞ্জিয়া ঐক্য মঞ্চকে ধৰি বিভিন্ন দল-সংগঠনে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মিঞাক আক্ৰমণ কৰি বিভিন্ন শ্লগানেৰে হৰ্ডিং, পোষ্টাৰ লগাই ব্যাপক প্ৰচাৰ অভিযান অব্যাহ দল-সংগঠনৰ। খিলঞ্জীয়া সকলক সজাগ কৰাৰ চেষ্টাৰে অব্যাহত আছে এই আন্দোলন কাৰ্য।

“আমাক নতুন বৰ অসম নালাগে, আমাক মিঞা মুক্ত বৰ অসম লাগে”, “মিঞা খে দাওঁক অসম বচাওঁক” , “মিঞা খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক”, “থলুৱাক নিযুক্তি দি মিঞা খেদক”, “জাগিলে অসম ৰখিব দেশ ,নহ’লে হ’ব বাংলাদেশ “, “লাচিত, শংকৰদেৱৰ জেশত মিঞাৰ স্থান নাই”,”ছ্যু-কা-ফা, শংকৰদেৱৰ বৰ অসম লাগে, মিঞালেণ্ড নালাগে” আদি বিভিন্ন শ্ল’গনেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হৰ্ডিং লগাই সাধাৰণ জনতাক সজাগ কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে, শিৱসাগৰৰ আমগুৰিত অসমীয়া যুৱ মঞ্চই প্ৰথমে মিঞা বিৰোধী অভিযান আৰম্ভ কৰিছিল। তাৰ পিছতে সজাগ হৈ পৰে বিভিন্ন দল-সংগঠন। খিলঞ্জিয়া ঐক্য মঞ্চ, অসমে ৰাস্তাৰ কাষত “বাংলাদেশী মিঞা খেদক জাতি বচাওক”, “হাতত বিড়ি মুখত পান ভাগৌ মিঞা পাকিস্তান”, “আহ ঐ আহ, ওলাই আহ, খেদ ঐ খেদ মিঞাক খেদ”, “আছে হেংদাং লোৱা নাই, ললে হেংদাং মিঞাৰ ৰক্ষা নাই” আদি বিভিন্ন শ্লগানেৰে হৰ্ডিং লগাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। লগতে, আগন্তুক দিনত মিঞা বিৰোধী অভিযান ইয়াতকৈও ভয়াৱহ হ’ব বুলি সকীয়নি দিয়ে।


