ছাত্ৰ -ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্যৰে ভাৰতীয় সেনা বাহিনীৰ উল্লেখযোগ্য ভূমিকা গ্ৰহণ । তিনিচুকীয়া জিলাৰ লাইপুলি স্থিত ভাৰতীয় সেনাই ‘অপাৰেচন সদ্ভাৱনা’ৰ অধীনত ৰাষ্ট্ৰীয় একত্ৰীকৰণ ভ্ৰমণৰ জৰিয়তে উজনি অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ ১৬ গৰাকীকৈ জনজাতীয় ছাত্ৰ- ছাত্ৰীক দেশৰ বিভিন্ন উল্লেখযোগ্য স্থান ভ্ৰমণ কৰাৰ সুবিধা প্ৰদান কৰে।
আজি লাইপুলি স্থিত ভাৰতীয় সেনা চাউনিৰ সেনাপ্ৰধান গৰাকীয়ে ছাত্ৰ – ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে । উল্লেখ্য যে, দহ দিনীয়া ভ্ৰমণৰ সময়ছোৱাত ছাত্ৰ- ছাত্ৰী সকলে দেশৰ বিভিন্ন ঐতিহ্যমণ্ডিত স্থান পৰিদৰ্শন কৰাৰ লগতে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত মহামহিম ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব ।
ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলে মুম্বাইস্থিত ভাৰতীয় নৌ-সেনাৰ যুদ্ধ জাহাজ আৰু সাংস্কৃতিক স্থান সমূহ ভ্ৰমণ কৰি অহিল্যা নগৰত অৱস্থিত আৰ্মাৰ্ড কৰ্পছ ছেন্তাৰ আৰু স্কুল ভ্ৰমণ কৰিব, য’ত তেওঁলোকে যুদ্ধ টেঙ্কৰ সৈতে পৰিচিত হব পাৰিব ।

