পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট,৯ছেপ্টেম্বৰ:যোৰহাট জিলাৰ মৰিয়নিৰ কৰিষ্মন চুতীয়া আৰু কিষাণ কোঁৱৰ চাইকেলেৰে উত্তৰ- পূৱ ভাৰত ভ্ৰমণ কৰি আজি
দুয়ো উপস্হিত হয় গৃহ জিলা যোৰহাটত। দুয়ো উদীয়মান যুৱকে যোৱা ১জুনত মৰিয়নিৰ পৰা আৰম্ভ কৰিছিল এই যাত্ৰা।যোৰহাট জিলাৰ মৰিয়নিৰ নিউ সোনোৱাল কানখোৱা গাঁওৰ মুকুট চুতীয়া আৰু ইলা চুতীয়াৰ পুত্ৰ কৰিস্মন চুতীয়া (২৭)আৰু
নিউ সোনোৱালৰ চেনিৰাম কোঁৱৰ আৰু কালাৱতী কোঁৱৰৰ পুত্ৰ কিষাণ কোঁৱৰ (২৪)ৰ অতি কম বয়সতে সমগ্ৰ মানৱ জাতিৰ কল্যাণ আৰু বিশ্ব শান্তিৰ অৰ্থে তথা মানৱ জাতিক গছপুলি ৰোপণ আৰু ইয়াৰ সংৰক্ষণৰ প্ৰতি সজাগতা অনাৰ উদ্দেশ্য কৰা এই উত্তৰ-পূব ভাৰত চাইকল ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।হিন্দু সকলৰ পুণ্য তীৰ্থৰ চাৰি ধাম ক্ৰমে পুৰী, দ্বাৰকা , বদ্ৰীনাথ আৰু ৰামেশ্বৰমৰ লগতে নেপালৰ ধৰ্মীয় তীৰ্থ ভ্ৰমণ কৰি আজি যোৰহাটত উপস্হিত হোৱাত যোৰহাটৰ চাওল্যুং চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ সমীপত মাহেকীয়া আলোচনী”দিগদৰ্শন”ৰ সম্পাদক তথা সাংবাদিক পংকজ কুমাৰ দাস,”মানৱ ধৰ্ম” আলোচনীৰ সম্পাদক নদলি ৰুহিদাস,যুৱ সমাজকৰ্মী আব্দুল ৰহমান,পৱন মিৰ্ধা,ঘনশ্যাম দাসকে ধৰি স্হানীয় বিভিন্ন দল-সংগঠনে বিপুল সম্বৰ্ধনা জনাই।
উদীয়মান যুৱকদ্বয় কৰিষ্মন চুতীয়া আৰু কিষাণ কোঁৱৰ চাইকেলেৰে উত্তৰ- পূৱ ভাৰত ভ্ৰমণ কৰি গৃহ জিলা যোৰহাটত উপস্হিত হয়, বিভিন্ন দল-সংগঠনৰ সম্বৰ্ধনা
