উদ্বোধন হ’ব যোৰহাটবাসীৰ বহু আকাংক্ষিত এ টি ৰোডৰ উৰণীয়া সেতু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণৰ আহ্বান ৰাইজৰ


যোৰহাটবাসীৰ বহুদিনৰ অপেক্ষাৰ অন্ত পেলাই বুধবাৰে উদ্বোধন হ’ব যোৰহাট নগৰৰ ব্যস্ত এ টি ৰোডৰ ওপৰেৰে নিৰ্মাণ কৰা উৰণীয়া সেতুখন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । সেতুখনৰ উদ্বোধনক লৈ ইতিমধ্যে যোৰহাট নগৰত উৎসাহ-উদ্দীপনা দেখা গৈছে আৰু নগৰবাসীয়ে ইয়াক নগৰৰ উন্নয়নৰ এক নতুন অধ্যায় বুলি মন্তব্য কৰিছে | উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি যোৰহাট নগৰৰ মাজেৰ ব্যস্ত পথ হিচাপে পৰিচিত এ টি ৰোডত দৈনিক ব্যাপক যান-জঁটৰ সৃষ্টি হৈ আহিছিল। বিশেষকৈ কাৰ্যালয় আৰু স্কুল কলেজৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগীয়া হৈছিল যোৰহটীয়া ৰাইজ | আনহাতে বজাৰ এলেকা বিশেষকৈ নিৰ্মল চাৰিআলি , ঠাকুৰবাৰী আদি স্থানত যানবাহনৰ অত্যধিক চাপৰ বাবে সাধাৰণ ৰাইজে বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। এই সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে উৰণীয়া সেতু নিৰ্মাণৰ এই প্ৰকল্পটো হাতত লৈছিল।
উল্লেখযোগ্য যে এই উৰণীয়া সেতুখনৰ শিল্যান্যাস ২০২৩ চনৰ ১৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পন্ন কৰিছিল। শিল্যান্যাসৰ প্ৰায় তিনি বছৰৰ ভিতৰতে সেতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাটোও স্থানীয় ৰাইজে সন্তোষজনক পদক্ষেপ হিচাপে গণ্য কৰিছে।


প্ৰায় ১.২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণীয়া সেতুখনে যোৰহাট নগৰৰ দুটা গুৰুত্বপূৰ্ণ সংযোগস্থল—বৰুৱা চাৰিআলি আৰু ভোগদৈ দলঙৰ মাজত সংযোগ স্থাপন কৰিব। সেতুখন সম্পূৰ্ণৰূপে মুকলি হ’লে নগৰৰ মাজেৰে চলাচল কৰা যানবাহনৰ গতি অধিক সুনিয়ন্ত্রিত হ’ব আৰু এ টি ৰোডত সৃষ্ট হৈ থকা যান-জঁট যথেষ্ট পৰিমাণে হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰা হৈছে।
এই বৃহৎ প্ৰকল্পটোৰ বাবে প্ৰায় ১৮৪ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছিল। উন্নত প্ৰযুক্তি আৰু আধুনিক নিৰ্মাণ পদ্ধতি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই উৰণীয়া সেতুখনে যোৰহাট নগৰৰ যোগাযোগ ব্যৱস্থাক অধিক উন্নত কৰাৰ লগতে সামগ্ৰিক নগৰ উন্নয়নতো সহায় কৰিব বুলি ধৰা হৈছে।


ইয়াৰ মাজতে সেতুখনৰ নামাকৰণক লৈও একাংশ মহলত আলোচনা আৰম্ভ হৈছে। যোৰহাটৰ একাংশ সচেতন নাগৰিকে এই উৰণীয়া সেতুখনৰ নাম অসমৰ জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰাৰ দাবী উত্থাপন কৰিছে। তেওঁলোকে কয় যে সংগীত, চলচ্চিত্ৰ আৰু সাংস্কৃতিক ক্ষেত্ৰত জুবিন গাৰ্গে অসমৰ পৰিচয় বিশ্বৰ আগত উজলাই তুলিছে, সেয়ে তেওঁৰ নামেৰে এখন গুৰুত্বপূৰ্ণ উৰণ সেতুৰ নমাকৰন হ’লে ই অসমৰ সংস্কৃতিৰ প্ৰতি এক সন্মান হ’ব। অৱশ্যে চৰকাৰীভাৱে উৰণ সেতু খন মণিৰাম দেৱান-পিয়লি বৰুৱাৰ নামেৰে নামাকৰন ইতিমধ্যে কৰা হৈছে তথাপি এই দাবীয়ে সামাজিক মাধ্যম আৰু স্থানীয় মহলত বিশেষ সঁহাৰি লাভ কৰিছে। উৰণীয়া সেতুখনৰ উদ্বোধনক লৈ যোৰহাটবাসীৰ মাজত ইতিমধ্যে আনন্দময় পৰিৱেশ সৃষ্টি হৈছে। স্থানীয় বাসিন্দাসকলৰ মতে, এই সেতুখন মুকলি হোৱাৰ পাছত যোৰহাট নগৰৰ যানবাহন চলাচল বহু পৰিমাণে সহজ হ’ব আৰু চহৰৰ উন্নয়ন প্ৰক্ৰিয়াত ই এক গুৰুত্বপূৰ্ণ মাইলষ্টোন হিচাপে পৰিগণিত হ’ব। উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী, স্থানীয় বিধায়ক, চৰকাৰী বিষয়া আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে | নগৰবাসীয়ে বহু আকাংক্ষাৰে অপেক্ষা কৰি থকা এই উৰণীয়া সেতুখনৰ উদ্বোধনে যোৰহাটৰ উন্নয়ন যাত্ৰাক অধিক গতিশীল কৰি তুলিব বুলি আশা কৰা হৈছে।

Related Articles