SIT । ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ ৰহস্যজনকভাবে মৃত্যুক সাৱটি লোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে আজিও কন্দুৱাই আছে ৰাজ্যবাসীক। এনে সময়তে চিআইডি আৰু এছআইটিয়েও জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত আগবঢ়াই নিছে। ইতিমধ্যে কালি অসমৰ পৰা যোৱা এছ আই টিৰ দুজনীয়া দলে ছিংগাপুৰত উপস্থিত হৈছে আৰু মঙলবাৰে ছিংগাপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে তিনি ঘণ্টা দৰি আলোচনাত মিলিত হৈছে। এনে ঘটনা পৰিঘটনাৰ মাজতে মঙলবাৰে এছআইটিৰ সন্মুখত হাজিৰ হয় কণ্ঠশিল্পী গীতালী দেৱী। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শিল্পী সমাজৰ হৈ কণ্ঠশিল্পী গীতালী দেৱীয়ে এজাহাৰ দাখিল কৰিছিল।
এজাহাৰকাৰী হিচাপে আজি এছআইটিৰ সন্মুখত সাক্ষ্য প্ৰদান কৰে গীতালী দেৱীয়ে । এছআইটিৰ সন্মুখত উপস্থিত হোৱাৰ পিছত গীতালি দেৱীয়ে সাংবাদিকক কয়, “আমাৰ হাতত যি তথ্য আছে আমি দাখিল কৰিছো । আমাক জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য লাগে । জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা প্ৰত্যেকজনেই দোষী ।”তেওঁ লগতে কয়, “এছ আই টিয়ে তদন্তত সহায় কৰিব দিছে । আজি মোক মাতিছিল । মই যিখিনি জানো সেইখিনিৰ ওপৰত সোধা-পোছা কৰিছে । আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ । দোষীয়ে শাস্তি পাওক । জুবিন গাৰ্গ আমাৰ সম্পদ আছিল ।”ছিংগাপুৰলৈ নি জুবিন গাৰ্গক পৰ্যাপ্ত সুবিধা প্ৰদান নকৰা বুলি উল্লেখ কৰি শিল্পীগৰাকীয়ে কয় , “এজন চেলিব্ৰিটীক নিলে যি সুবিধা দিব লাগিছিল সেইখিনি দিয়াত ব্যৰ্থ হৈছে । এই ঘটনাটোৰ বাবে এজনেই দোষী নহয় । জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা প্ৰত্যেকজনেই দোষী । আমি ন্যায় পাম বুলি আশাবাদী ।”

