Breaking

এতিয়া অলিয়ে-গলিয়ে উপলব্ধ যুৱ প্ৰজন্মক কোঙা কৰা মাৰাত্মক ড্ৰাগছ; পুনৰ আটক ড্ৰাগছ সৰবৰাহকাৰী

0 65

ৰাজ্যত এতিয়াও অব্যাহত আছে ড্ৰাগছ সৰবৰাহ।

অলিয়ে-গলিয়ে এতিয়া উপলব্ধ যুৱ প্ৰজন্মক কোঙা কৰা মাৰাত্মক ড্ৰাগছ।

বঙাইগাঁও জিলাৰ লেংটিছিঙাত আটক ড্ৰাগছ সৰবৰাহকাৰী।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী লেংটিছিঙাৰ পাখাকাটাৰ আনিছুৰ খান‌ বুলি জানিব পৰা গৈছে।

লেংটিছিঙা বজাৰত ঘূৰি থকা অৱস্থাত স্থানীয় ৰাইজৰ যুৱকজনৰ ওপৰত সন্দেহ ওপজাত লেংটিছিঙা আৰক্ষী নিৰীক্ষণ চকীত খবৰ‌ দিয়ে আৰু পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে সহকাৰী কাৰ্যবাহী দণ্ডাধীশ, উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়াও উপস্থিত হয়।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে তিনিটা কন্টেইনাৰ সহ ছিৰিঞ্জ আৰু এটা মোবাইল জব্দ কৰে।

আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষী চকী লৈ লৈ আনে।

-ইনামুল আহমেদ, অভয়াপুৰী

Leave A Reply