উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ অপেচাদাৰী ৰেডিঅ’ সংগঠন গুৱাহাটীস্থিত “এমেচাৰ ৰেডিঅ’ অধ্যয়ন আৰু উন্নয়ন কেন্দ্ৰ”ৰ ৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনযোৰা কাৰ্যসূচী যোৱা ৭ জানুৱাৰী দেওবাৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হৈ যায়৷ অসমৰ বহুকেইগৰাকী ন-পুৰণি এমেচাৰ ৰেডিঅ’ (হেম ৰেডিঅ’) অপাৰেটৰৰ লগতে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, বি.বৰুৱা মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়ৰ লগতে নুনমাটি হাইস্কুলৰ প্ৰায় ১৪০ গৰাকীৰো অধিক এন.চি.চি কেডেট আৰু ছাত্ৰ-ছাত্ৰীয়ে উক্ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভাগ লয়৷ ৰাতিপুৱা ১০ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হোব প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰি ছ’ফটৱেৰ টেকন’লোজি পাৰ্ক অ’ৱ ইণ্ডিয়াৰ প্ৰাক্তন সঞ্চালক প্ৰবীৰ কুমাৰ দাসে এমেচাৰ ৰেডিঅ’ৰ ওপৰত বিস্তৃত বাখ্যা ডাঙি ধৰে৷ তেঁও ভাষণত কয় যে বৰ্তমান সময়ত এমেচাৰ ৰেডিঅ’ যোগাযোগ ব্যৱস্থাৰ অধিক উন্নতি সাধন কৰা হৈছে আৰু উঠি অহা যুৱচামে ইয়াক প্ৰযুক্তি বিদ্যাৰ এক হ’বি হিচাপে লৈ আপাতকালিন আৰু দুৰ্যোগৰ সময়ত চৰকাৰ আৰু প্ৰশাসনক সহায় কৰাৰ লগতে অধিক ভিতৰুৱা ঠাইসমুহক সামৰি যোগাযোগৰ ক্ষেত্ৰত এক নতুন বিপ্লৱৰ সূচনা কৰিব পাৰে৷ তেঁও আয়োজক সকলক ধন্যবাদ জ্ঞাপন কৰি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অধিক প্ৰসাৰ আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা ডাঙি ধৰাৰ বাবে আহ্বান জনায়৷ সভাত সন্মানীয় অতিথি হিচাপে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যাপক ড০ কৃষ্ণ কিঙ্গৰ পাঠক আৰু বিশিষ্ট অতিথি হিচাপে ৰোৱেল গ্লোবেল ইউনিৰ্ভাৰচিটিৰ অধ্যাপক শশাংক বৰুৱাইও ভাষণ আগবঢ়ায়৷ ইয়াৰ উপৰিও কটন বিশ্ববিদ্যালয়ৰ জিনকী চৌধূৰী, দেৱজিৎ ডেকা, হেম অপাৰেটৰ ঐশ্বৰ্য বৰুৱা, চাকিব আহমেদেও বক্তৃতা প্ৰদান কৰে৷ “এমেচাৰ ৰেডিঅ’ অধ্যয়ন আৰু উন্নয়ন কেন্দ্ৰ”ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তাহেৰউদ্দিন আহমেদৰ লগতে হেম অপাৰেটৰ অসীম ৰঞ্জন গগৈ, বিমলজ্যোতি গোস্বামী, সঞ্জয় দাস আৰু প্ৰভাত দেউৰীয়ে পোন প্ৰথম বাৰৰ বাবে অসমত ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত কৰা ভি.এইচ.এফ ৰিপিটাৰৰ প্ৰদৰ্শণীমুলক যোগাযোগ সম্পন্ন কৰে৷ উক্ত সভাতেই অসমৰ সৰহ সংখ্যক স্কুল-কলেজ আৰু প্ৰতিষ্ঠানক সামৰি হেম ৰেডিঅ’ লাইচেঞ্চৰ বাবে পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ উপৰিও ইয়াৰ সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ প্ৰতিখন জিলাতেই সমপৰ্যায়ৰ ভগ্নি সংগঠন প্ৰতিষ্ঠা কৰা, অসম চৰকাৰে হেম ৰেডিঅ’ অপাৰেটৰসকলক বিনামুলীয়াকৈ যোগাযোগৰ সামগ্ৰীসমুহ যোগান ধৰা, উত্তৰ-পূৰ্বাঞ্চলত অধিক সম্প্ৰসাৰনৰ বাবে ২০২৫ চনত এন.ই. হেমফেষ্ট আৰু ২০২৬ চনত হেমফেষ্ট ইণ্ডিয়াৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে অসমৰ প্ৰতিটো ব্লকতেই কমেও একোজনকৈ হেম অপাৰেটৰ সৃষ্টি কৰাৰ বাবে হ্ৰস্বম্যাদি আৰু দীৰ্ঘম্যাদি কাৰ্যসূচী হাতত লোৱাৰ কথা সংগঠনটোৱে সদৰি কৰে৷ , উল্লেখযোগ্য যে উক্ত এমেচাৰ ৰেডিঅ’ অধ্যয়ন আৰু উন্নয়ন কেন্দ্ৰটো ২০২০ চনৰ ১৯ জানুৱাৰী তাৰিখে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু এমেচাৰ ৰেডিঅ’ বা হেম ৰেডিঅ’ৰ ওপৰত অধ্যয়ন, গৱেষণা, সম্প্ৰসাৰন আৰু ইয়াৰ বহুল প্ৰচাৰৰ উপৰিও বিগত কোভিদ-১৯ মহামাৰীৰ ভয়াৱহতাৰ সময়ত বিভিন্ন মাধ্যমৰ যোগাযোগেৰে ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, চিকিৎসাৰ বাবে যোৱা ৰোগী আৰু অভিভাৱক আৰু অন্যান্য দুৰ্গত লোকসকলক দেশৰ বিভিন্ন ঠাইত সক্ৰীয় হৈ থকা হেম ৰেডিঅ’ ক্লাৱ ষ্টেচন সমুহৰ জৰিয়তে থকা-খোৱা, দৰৱ ইত্যাদিৰ যোগান ধৰা, যাতায়তৰ ব্যৱস্থা সূচল কৰিবলৈ সক্ষম হৈছিল আৰু ৰাইজৰ আস্থাভাজন হ’বলৈ সক্ষম হৈছিল৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- এখন ফুলাম গামোচাৰ মূল্য ২ লাখ ৫ হেজাৰ! কি বিশেষ আছে ফুলাম গামোচাখনত…
- এনাজৰীৰ বান্ধোন, তুমি আৰু মই……
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…
- ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…
- বকোৰ বৰুৱা বলিঝাৰৰ পথত একাঠু বোকা পানী ! নিৰ্লুপ্ত লোক নিৰ্মাণ বিভাগ…
- আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…
- প্ৰাক্তন খেলুৱৈ, প্ৰবীন ক্ৰীড়া সংগঠক দিলীপ মেধি সম্পৰ্কে দুআষাৰ…
- ৰাইচিৰ মৃত্যুৰ আঁৰত দুৰ্ঘটনা নে ষড়যন্ত্ৰ! ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পিছত প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবাৰক অন্তৰ্ৱতীকালী ৰাষ্ট্ৰপতি হিচাবে নিয়োগ…
- বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা! বিদ্যালয়ত কন্যাৰ নথি-পত্ৰ জমা দিবলৈ গৈ ঘূৰি নাহিল চায়না, কোলাত সন্তানক লৈ পত্নীক বিচাৰি হাবাথুৰি পতি…