যোৱা ১০ এপ্ৰিলত ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ ধিঙৰ বেছামাৰীস্থিত ডাঃ এ. বি. ছিদ্দিক জাতীয় বিদ্যালয়ে এশ শতাংশ উত্তীৰ্ণ হাৰ লাভ কৰি অঞ্চলখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইবাৰ বিদ্যালয়খনৰ পৰা মুঠ ৮১ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সকলোৱেই সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰে ৬১ গৰাকী প্ৰথম বিভাগত আৰু ২০ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।
বিশেষকৈ সাধাৰণ গণিত, ভূগোল আৰু সাধাৰণ বিজ্ঞান বিষয়ত বহু সংখ্যক পৰীক্ষাৰ্থীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়। বিদ্যালয় খনৰ পৰা উম্মে চালমা মোচাদাদি নামৰ এগৰাকী ছাত্ৰীয়ে সাধাৰণ গণিত বিষয়ত ৯৮ নম্বৰ লাভ কৰি বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰে। ২০০৩ চনত স্থাপিত এই বিদ্যালয়খনত এইবাৰ প্ৰথমবাৰৰ বাবে বিজ্ঞান শাখাত নামভৰ্তি আৰম্ভ হোৱা বুলি অধ্যক্ষা উজ্জ্বলতা বৰা বৰদলৈয়ে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

