সোনোৱাল কছাৰী সমাজৰ পুৰোধা ব্যক্তি, বিশিষ্ট সাহিত্যিক, লোক-সংস্কৃতিৰ সাধক গগন চন্দ্ৰ সোনোৱালৰ স্মৃতি দিৱসটি দিনজোৰা কাৰ্যসূচীৰে মংগলবাৰে [২৭ অক্টোবৰ] অনুষ্ঠিত কৰে সোনোৱাল কছাৰী সাহিত্য সভাই৷ সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতি আৰু ঔফুলীয়া শাখাৰ সহযোগত টিংখাং অঞ্চলৰ ঔফুলীয়া কল্যাণ সংঘৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠানৰ লগত সংগতি ৰাখি পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰে ‘সোনোৱাল ভাষা সন্মিলন’ৰ৷ এই উপলক্ষে উক্তদিনা পুৱাৰ পতাকা উত্তোলন কৰে সভাৰ সভাপতি মোহন সোনোৱালে৷ গগন চন্দ্ৰ সোনোৱালৰ প্ৰতিচ্চবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্য সম্পাদক মৃদুল সোনোৱালে৷
ইয়াৰ পিছতেই সভাপতি মোহন সোনোৱালৰ পৌৰোহিত্যত আৰু অন্যতম সম্পাদক জয়া বড়াই আঁতধৰা অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে উদ্যাপন সমিতিৰ সভাপতি মুনীন বড়াই৷ সভাৰ শীর্ষগীত পৰিৱেশনৰ পিছতেই ‘সোনোৱাল ভাষা সন্মিলন’ৰ অন্তৰ্গত গগন চন্দ্ৰ সোনোৱালৰ জীৱন পৰিক্ৰমাৰ সম্পৰ্কে আলোচনাত সাৱলীল বক্তব্য আগবঢ়ায় বিশিষ্ট সমাজকৰ্মী, লেখক ডাঃ জীতেন বড়াই৷ সোনোৱাল ভাষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণত নতুন প্ৰজন্মৰ ভূমিকা, দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে আলোচনাত আলোচক হিচাপে ভাগ লৈ বিষয়টোৰ সম্পৰ্কে সাৰগৰ্ভ বক্তব্য আগবঢ়ায় ঘিলামৰাৰ নৰ্থ বেংক কলেজৰ অৱসৰী উপাধ্যক্ষ ড॰ লব ৰাম সোনোৱাল, মৰাণ কলেজৰ সহযোগী অধ্যাপক ড॰ তুলসী সোনোৱাল আৰু ৰে’ল কৰ্মচাৰী অমিয় কুমাৰ সোনোৱালে৷ আনহাতে ‘সামাজিক মাধ্যমত সোনোৱাল ভাষাৰ চৰ্চা আৰু আমাৰ দায়িত্ব বিষয় সম্পৰ্কে আলোচনাত অংশগ্ৰহণ কৰি নিজৰ মত ব্যক্ত কৰে সামাজিক মাধ্যমত সোনোৱাল ভাষাৰ চৰ্চা অব্যাহত ৰখা নৱপ্ৰজন্মৰ প্ৰতিনিধি শ্যামলিমা বড়া, মুনমুন সোনোৱালে৷ অনুষ্ঠানত সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি ভাষাটোৰ অধিক চৰ্চা আৰু প্ৰসাৰৰ বাবে সোনোৱাল কছাৰী সাহিত্য সভাই গ্ৰহণ কৰা ভূমিকাত সন্তোষ প্ৰকাশ কৰি এই কাৰ্য অব্যাহত ৰখাৰ বাবে সংশ্লিষ্ট সকলোকে আহ্বান জনায়৷ তদুপৰি পৰিষদৰ দ্বাৰা প্ৰকাশিত ‘সোনোৱাল বাৰ্তা’ কাকতত সোনোৱাল ভাষাত নিয়মীয়াকৈ লেখাৰ চৰ্চা কৰাৰ বাবেও তেওঁ লেখক-লেখিকাসকলক আহ্বান জনায়৷
মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সভাৰ প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিওৱা আৰু সোনোৱাল ভাষাত লেখা বিশিষ্ট সাহিত্যিক গুণেশ্বৰ সোনোৱালৰ তিনি কুৰি গীতৰ সংকলন ‘মহঅ’ৰ গান [মোৰ গান]’ খনিও উন্মোচন কৰে৷ অনুষ্ঠানত সোনোৱাল ভাষাত কথা-বতৰা প্ৰতিষ্ঠানৰ সভাপতি ৰাজু সোনোৱাল দেউৰী, ঔফুলীয়া নেমুপথাৰ গাঁওপঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা সোনোৱাল বড়াকে ধৰি বহুকেইগৰাকী বক্তাই সোনোৱাল ভাষাৰ উত্তৰোত্তৰ কামনা কৰি বক্তব্য আগবঢ়ায়৷ সোনোৱাল ভাষাত জয়া বড়া আৰু অশ্বিনী কছাৰীৰ কবিতা, যাদৱ সোনোৱালৰ কৌতুক আৰু স্থানীয় মাহিলা সকলৰ দ্বাৰা পৰিৱেশিত ‘লেছেৰী’য়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ উদ্যাপন সমিতিৰ যুটীয়া সম্পাদক শাৰংগ সোনোৱালে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত ঔফুলীয়া গাঁৱৰ গাঁওপ্ৰধান উমেশ শইকীয়া, বিশিষ্ট শিল্পী লীলা হাজৰিকা, হৰেন্দ্ৰ বড়াৰ লগতে সোনোৱাল কছাৰী সাহিত্য সভাৰ উপসভাপতি মনিদীপা লালোৱাৰী, সুমন্ত বড়া, প্ৰকাশন সচিব ৰতন হাজৰিকা, সাংস্কৃতিক সম্পাদক মহানন্দ সোনোৱাল, কাৰ্যালয় সম্পাদক ভৱেন সোনোৱাল, কোষাধ্যক্ষ তোষেশ্বৰ সোনোৱাল, সাংগঠনিক সম্পাদক নেত্ৰ বড়া, লোকেশ্বৰ হাজৰিকা, ৰঞ্জিত সোনোৱালকে ধৰি কাৰ্যনিবাহক সদস্যবৃন্দ আৰু অসম-অৰুণাচলৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিবৰ্গ আৰু স্থানীয় চাৰি শতাধিক ৰাইজ উপস্থিত থাকে৷

