যেতিয়াই অসমলৈ আহিছে, প্ৰতিবাৰেই অসম আৰু অসমীয়াক অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই তেওঁ৷ তেওঁ হ’ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী৷ কিছুদিন পূৰ্বে অসমলৈ আহি অসমৰ মিডিয়াক চূড়ান্ত অপমান কৰাৰ পিছত এইবাৰ অসমৰ স্বাভিমান গামোচাক অপমান কৰে ৰাহুল গান্ধীয়ে৷ আজি অসমলৈ অহা ৰাহুল গান্ধীক আদৰণি জনাবলৈ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷ কিন্তু অসমীয়াই অতি হেঁপাহেৰে তিনিখন গামোচা পিন্ধোৱাৰ পিছতে আমনি লাগিল এইগৰাকী কংগ্ৰেছ নেতাৰ৷ চতুৰ্থখন মিছিং গামোচা এজন লোকে পিন্ধাবলৈ লওঁতেই ৰাহুল গান্ধীয়ে দৃষ্টিকটুভাৱে গামোচাখন হাতেৰে টান মাৰি লয়৷
ইয়াৰ পিছতে তেওঁ আন কেবাখনে গামোচা পিন্ধাবলৈ নিদি হাতেৰে টান মাৰি লয়৷ এনেদৰে আজি অসমৰ স্বাভিমান গামোচাক চূড়ান্ত অসন্মান কৰে ৰাহুল গান্ধীয়ে৷ এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় কংগ্ৰেছ নেতাগৰাকীক তীব্ৰ সমালোচনা কৰে৷ “কংগ্ৰেছী পৰম্পৰা” অক্ষুণ্ণ ৰাখি ৰাহুল গান্ধীয়ে পুনৰবাৰ অসমৰ আৱেগ, স্বাভিমান গামোচাক অপমান কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ যিমানবাৰ ৰাহুল গান্ধী অসমলৈ আহিছে, প্ৰত্যেকবাৰেই তেখেতক গামোচাৰে আদৰণি জনোৱাৰ সময়ত তেওঁ গামোচাখন ডিঙিত ল’বলৈ অস্বীকাৰ কৰাৰ দৃশ্য আমাৰ মনত আছে বুলি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰে। আজিও অসমৰ সন্মানস্বৰূপে প্ৰদান কৰা গামোচাৰ মাত্ৰ ৩খন লৈ ভাগৰি পৰা আৰু বাকীকেইখন সন্মানসহকাৰে গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য কৰা ৰাহুল গান্ধীয়ে অসম তথা অসমবাসীক কিমান ভাল পায়, সেয়া পুনৰবাৰ বুজা গৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

