কংগ্ৰেছ দলে এটা নহ’বলগীয়া বিষয়ক ইছ্যু বনাই দেশখনত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি আহিছে বুলি মন্তব্য কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই। শনিবাৰে তেজপুৰত উপস্থিত হৈ বিৰোধী দল কংগ্ৰেছে উত্থাপন কৰা ‘ভোট চুৰি’ অভিযোগ নস্যাৎ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়ায়।
পীযুষ হাজৰীকাই কয়, “কংগ্ৰেছ দলে এটা আবাস্তৱ বিষয়ত ইছ্যু সৃষ্টি কৰি দেশত অশান্তিৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। এই কাৰণতেই তেওঁলোকে নিৰ্বাচনত একেৰাহে পৰাজয়ৰ মুখ দেখিছে।”
নিৰ্বাচনী প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ স্পষ্ট কৰি কয়, “প্ৰতিটো দলৰ পৰা প্ৰতিটো প’লিং ষ্টেশ্যনত এজনকৈ প’লিং এজেণ্ট থাকে। তেওঁলোকে ভোটাৰৰ পৰিচয় নিশ্চিত কৰে। যদি কোনো ভোটাৰ সঠিক নহয়, তেন্তে তেওঁলোকে ভোট দিবলৈ নিদিয়ে। এইটো নিৰ্বাচনৰ নিয়ম। কংগ্ৰেছ দলৰ যদি প’লিং এজেণ্টেই নাই, তেতিয়া আমি ক’বলগীয়া কিবা আছে নেকি?”
কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, “মই ভাবো কংগ্ৰেছৰ প’লিং এজেণ্ট সকলো ঠাইতে আছে, কিন্তু তেওঁলোকে নিজৰ প’লিং এজেণ্টকেই বিশ্বাস নকৰে। এটা আবাস্তৱ কথা কৈ দেশত অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, কিন্তু মানুহে সেইটো মানি লোৱা নাই।”
আনহাতে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱা-নোহোৱাৰ প্ৰসংগত পীযুষ হাজৰীকাই কয়, “সেইটো ভগৱানে ক’ব। আমি দুৰ্নীতিৰ বিৰুদ্ধে সদায় মাত মাতি আহিছোঁ। ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু প্ৰায় ২ লাখ চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু কংগ্ৰেছে ক’ৰবাত এক টকাৰ দুৰ্নীতি হৈছে বুলি ক’ব নোৱাৰে। তেওঁলোকে কাম নকৰাৰ কথাও ক’ব নোৱাৰে। সেয়ে আবাস্তৱ মিছা কথা কৈ আন্দোলন কৰিছে আৰু মানুহে তাৰ প্ৰত্যুত্তৰ নিৰ্বাচনত দি দিছে।”
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জানুৱাৰীত কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেজপুৰ সমীপৰ কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল ৰাজহুৱা সভাৰ প্ৰস্তুতি সন্দৰ্ভত শনিবাৰে শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই বিজেপিৰ তেজপুৰস্থিত জিলা কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়।
বৈঠকত অসম গণ পৰিষদৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, অসম গণ পৰিষদৰ উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ পল্লৱলোচন দাস প্ৰমুখ্যে বিজেপি আৰু মিত্ৰদল অগপৰ জ্যেষ্ঠ নেতা-বিষয়ববীয়া আৰু দলীয় কৰ্মীসকল উপস্থিত থাকে। বৈঠকত ১৮ জানুৱাৰীৰ দিনা মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিবলগীয়া জনসভাখন সফল কৰাৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

