“কংগ্ৰেছৰ নেতাসকলে বিয়া পাতিবলৈও টিকট দিম বুলি টকা লৈছে” — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

আগন্তুক অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত উত্তাপ বৃদ্ধি পোৱাৰ মাজতে কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ তীব্ৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। টিকটৰ নামত কংগ্ৰেছ নেতাসকলে ব্যাপক ধন সংগ্ৰহ চলাই থকা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীয়ে কয়— “কংগ্ৰেছৰ নেতাসকলে বিয়া পাতিবলৈও টিকট দিম বুলি টকা লৈছে।”

সোমবাৰে এক অনুষ্ঠানত অংশগ্ৰহণৰ পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, কংগ্ৰেছে ৩-৫ কোটি টকাকৈ টিকটৰ নামত ধন সংগ্ৰহ কৰিছে আৰু ইতিমধ্যে ২২-২৩টা সমষ্টিত টিকটৰ বিনিময়ত এডভান্স লৈছে। তেওঁ কটাক্ষ কৰি কয়, “মিঞা সমাজে কংগ্ৰেছক ভোটো দিয়ে, টকাও দিয়ে; কিন্তু উচ্ছেদ হ’লে কংগ্ৰেছ সহায় নকৰে।”

শিৱসাগৰত অখিল গগৈ প্ৰসংগত মন্তব্য

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰত পুনৰ নিৰ্বাচন খেলাৰ প্ৰত্যাহ্বান জনোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “অখিল গগৈক হৰুৱাবলৈ আমাৰ দলত বহু কাৰ্যকৰ্তা আছে। আমাৰ দলৰ ৫-৬ জনেই যথেষ্ট।”

নিজে শিৱসাগৰত নিৰ্বাচন নেখেলাৰ কথা স্পষ্ট কৰি তেওঁ কয়, “মই তাত পাঁচ বছৰে কাম কৰা নাই। মই নিৰ্বাচন খেলিলে মানুহক ঠগোৱা হ’ব।”

ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী

আনহাতে, আগন্তুক নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু বুলি দাবী কৰি সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী আৰম্ভ হয়। গুৱাহাটীৰ খানাপাৰাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

দেৱাল লিখনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “নিৰ্বাচনৰ বাবে বিজেপি সম্পূৰ্ণ সাজু। ৱালৰ গৰাকীৰ অনুমতি লৈ দেৱাল লিখনৰ জৰিয়তে গণসংযোগ স্থাপন কৰা হৈছে।”
‘অসমৰ সুৰক্ষা, বিজেপিৰ প্ৰতিজ্ঞা’ আৰু ‘বিকশিত অসম, জয় আই অসম’ আদি শ্লোগানৰ জৰিয়তে ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

টিকট প্ৰত্যাশী আৰু আসন বুজাবুজি

বিজেপিত টিকট প্ৰত্যাশীৰ ভিৰ নাই বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয়, “অসমৰ আধাতকৈ বেছি সমষ্টিত বিজেপিৰ এজনেই প্ৰাৰ্থী আছে। ৫০টা সমষ্টিত আজিয়েই প্ৰাৰ্থী ঘোষণা কৰিব পাৰি।”

অগপৰে সৈতে আসন বুজাবুজি সন্দৰ্ভত তেওঁ কয়, “অনানুষ্ঠানিক আলোচনা চলি আছে। নিৰ্বাচনৰ তাৰিখ ধাৰ্য হ’লে তাৰ আগতেই টিকট আৰু আসনৰ ভাগ-বাটোৱাৰা চূড়ান্ত হ’ব।”

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজ্যৰ ৰাজনীতিত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

Related Articles