আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতি ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে। এই পৰিৱেশৰ মাজতেই AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰাজনৈতিক মহলত চাঞ্চল্য সৃষ্টি কৰিছে।
সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বদৰুদ্দিন আজমলে অভিযোগ কৰে যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত গোপন মিতিৰালি চলি আছে। তেওঁৰ দাবী মতে, পৰাজয়ৰ আশংকাত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ সৈতে গোপনে বুজাবুজি কৰিছে। আজমলে কয় যে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানসমূহো কংগ্ৰেছ-বিজেপিৰ এই গোপন মিত্ৰতাৰ ফল।
নিজৰ বক্তব্যত আজমলে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয়, “নিতিশ কুমাৰৰ দৰে মই অসমৰ মুখ্যমন্ত্ৰীক ‘পল্টু মুখ্যমন্ত্ৰী’ বুলি কওঁ। ক্ষমতাৰ লোভত তেওঁলোকে দল সলনি কৰা ৰাজনীতি কৰে।” লগতে ‘পিপলছ পালছ’ৰ সমীক্ষাকো সমালোচনা কৰি আজমলে কয় যে সেই সমীক্ষা আচলতে “বিজেপি পালছ”হে।
আজি সংবাদ মাধ্যমৰ সন্মুখত গীত গাই অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই আজমলে লগতে কয় যে আগন্তুক বৰ্ষটো AIUDFৰ বাবে শুভ হ’ব। তেওঁৰ মতে, এইবাৰ দলটোৱে প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা প্ৰাৰ্থীক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰিব।
বিৰোধী দলসমূহৰ প্ৰতি মুকলিকৈ আহ্বান জনাই AIUDF মুৰব্বীয়ে কয় যে মিত্ৰতাৰ বাবে AIUDFৰ দুৱাৰ সদায় খোলা আছে। তেওঁ দাবী কৰে যে যদি পুনৰ বিজেপি শাসনলৈ আহে, তেন্তে ৰাজ্য সম্পূৰ্ণৰূপে ধ্বংসৰ দিশে যাব। “বিজেপি আকৌ ক্ষমতালৈ আহিলে বুজা যাব যে আমাৰ মানুহৰ কিমান পাপ হৈছে—হিন্দুৱে হওক বা মুছলমান,” বুলি মন্তব্য কৰে আজমলে।
বদৰুদ্দিন আজমলৰ এই মন্তব্যই আগন্তুক নিৰ্বাচনৰ পূৰ্বে অসম ৰাজনীতিত নতুন বিতৰ্কৰ সূচনা কৰিছে। এতিয়া এই অভিযোগসমূহৰ প্ৰতি মুখ্যমন্ত্ৰী বা কংগ্ৰেছ নেতৃত্বই কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়া লক্ষণীয় হ’ব।

