Breaking

কটন বিশ্ববিদ্যালয়ত ‘কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জনৰ উপায়’ শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

0 43

কটন বিশ্ববিদ্যালয়ত ‘কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জনৰ উপায়’ শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

গুৱাহাটী, ১১ ডিচেম্বৰ: অসামৰিক সেৱাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যৰে আজি কটন বিশ্ববিদ্যালয়ৰ অসামৰিক সেৱা অধ্যয়ন কেন্দ্ৰৰ সহযোগত আৰু ‘কেপাচিটি বিল্ডিং চেণ্টাৰ’ (চিবিচি)-ৰ উদ্যোগত আৰু লগতে ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ (SITA)-ৰ পৃষ্ঠপোষকতাত ‘মাষ্টাৰিং ইউপিএছচি চিএছই ২০২৪-২৫: সফলতাৰ বাবে কৌশল’ শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত অন্য এক প্ৰতিষ্ঠান ‘আন একাডেমী’য়েও সহযোগ আগবঢ়ায়।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ তত্বাৱধায়ক ক্ৰুষ্ণ ৱোকাৰে অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ বাবে বিভিন্ন কৌশল আয়ত্ব কৰৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক স্নাতক পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকৰ পৰাই এই পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিবলৈ আহ্বান জনায়। সফলতা লাভৰ চাবিকাঠি হৈছে ধাৰাবাহিকতা আৰু অধ্যৱসায় বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়ন আৰু প্ৰস্তুতিৰ অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে।
এই মত-বিনিময় অনুষ্ঠানত চিবিচিৰ সঞ্চালিকা ড০ সংগীতা বৰঠাকুৰ প্ৰমুখ্যে কেইবাগৰাকীও অধ্যাপক- অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উল্লেখযোগ্য যে ২০২৩ চনৰ আগষ্ট মাহত কটন বিশ্ববিদ্যালয়ৰ চিবিচিৰ অধীনত স্থাপন কৰা অসামৰিক সেৱা অধ্যয়ন কেন্দ্ৰৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এইটো তৃতীয় অনুষ্ঠান। ইয়াৰ পূৰ্বেও দুটাকৈ মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল য’ত ছাত্ৰ-ছাত্ৰীসকলে ২০২৩ চনৰ ২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত পশু চিকিৎসা সঞ্চালকৰ সৈতে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ আৰু অসম অসামৰিক সেৱাৰ বিষয়া অংশুলেখা দত্ত পাঠকৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ উপৰিও ৫ অক্টোবৰ, ২০২৩ তাৰিখে কটন বিশ্ববিদ্যালয়ত জাবীৰ ৰাহুল সুৰেশ আৰু আৰক্ষী উপায়ুক্ত পদ্মনাভন বৰুৱাৰ সৈতেও এক মত- বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈছিল ।

Leave A Reply