কটন বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন

কটন বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন কৰা হয়। বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী, বিশিষ্ট অতিথি আৰু ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্ৰদান কৰে।

অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক (ভাৰপ্ৰাপ্ত) ড° হীৰেণ ডেকাই আদৰণী ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ভাষণ প্ৰদান কৰে। ভাষণত উপাচাৰ্যগৰাকীয়ে বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপনৰ পদক্ষেপক আদৰণি জনাই কয় যে পঞ্জীয়ক আৰু একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ আগ্ৰহ আৰু পৰামৰ্শৰ ফলস্বৰূপে এই অনুষ্ঠানৰ আয়োজন সম্ভৱ হৈ উঠিছে। তেওঁ শ্ৰীকৃষ্ণৰ জীৱন-দৰ্শন, মূল্যবোধ আৰু শৈশৱৰ বিভিন্ন স্মৃতিৰ সৈতে জড়িত নগেৰা বাদ্যৰ প্ৰসংগ উল্লেখ কৰি নিজৰ শৈশৱৰ স্মৃতিও ৰোমন্থন কৰে।

অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰি গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ বিধায়ক বিজয় কুমাৰ গুপ্তাই ভাষণত ভগৱান শ্ৰীকৃষ্ণৰ শৈশৱকালৰ বিভিন্ন ঘটনা, লীলা আৰু ইয়াৰ অন্তৰ্নিহিত তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰে। তেওঁ শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা নৈতিকতা, সাহস, কৰ্তব্যবোধ আৰু মানৱীয় মূল্যবোধৰ শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
অখিল ভাৰতীয় ইতিহাস সংকল্পনা যোজনাৰ ৰাষ্ট্ৰীয় মহা সচিব হেমন্ত ধিং মাজুমদাৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।


অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল নলবাৰীৰ বাঘেশ্বৰী নাগাৰা নাম পাৰ্টীৰ দ্বাৰা পৰিৱেশিত মনোমোহা নাগাৰা নাম। ভক্তিমূলক পৰিৱেশনে অনুষ্ঠানস্থলীত এক আধ্যাত্মিক আবহৰ সৃষ্টি কৰে আৰু উপস্থিত সকলোকে আপ্লুত কৰে।
সমগ্ৰ অনুষ্ঠানটো আয়োজক সমিতিৰ আহ্বায়ক ড° ফুনু দাস শৰ্মাই সাৱলীলভাৱে আঁত ধৰে।
অনুষ্ঠানৰ অন্তত উপস্থিত ভক্ত আৰু অংশগ্ৰহণকাৰী সকলৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়। কটন বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে আয়োজিত এই শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপনে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ সৈতে ভাৰতীয় আধ্যাত্মিক, সাংস্কৃতিক আৰু ঐতিহ্যবাহী মূল্যবোধৰ এক সুন্দৰ সমন্বয়ৰ নিদৰ্শন দাঙি ধৰে।

Related Articles