কটন বিশ্ববিদ্যালয়ত ‘কা’ পঞ্চ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে কটন বিশ্ববিদ্যালয় আছু গোট আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই কাৰ্যসূচী গ্ৰহণ কৰে। কটন বিশ্ববিদ্যালয় আছু গোটে প্ৰত্যেক বৰ্ষৰ ১২ ডিচেম্বৰত “আমি পাহৰা নাই” শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰে। কটন বিশ্ববিদ্যালয়ৰ শতবৰ্ষীয় তোৰণৰ সন্মুখত কটন বিশ্ববিদ্যালয় আছু গোট আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা আয়োজন কৰা অনুষ্ঠানত ছহিদ দীপাঞ্জল দাস, ছহিদ ছেম ষ্টেফʼৰ্ড, ছহিদ দীজেন্দ্ৰ পাংগিং, ছহিদ আব্দুল আলিম আৰু ছহিদ ঈশ্বৰ নায়কৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই আঁত ধৰা অনুষ্ঠানত ন-পুৰণি কটনিয়ানে অংশগ্ৰহণ কৰে।কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা ‘কা’ আন্দোলনৰ সৈতে জড়িত ত্ৰিদিব ভাগৱতীয়ে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পঞ্চ ছহিদৰ আত্মাক সোঁৱৰণ কৰি সেই সময়ৰ অধিকাংশই আদৰ্শ ত্যাগ কৰি দলীয় পতাকাক আকোৱালি লোৱাৰ প্ৰসংগ উল্লেখ কৰি ‘কা’ আন্দোলনৰ পৰিপ্ৰেক্ষিতত সফল ডেকা হেৰুওৱা কথাটো অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা কটন বিশ্ববিদ্যালয় আছু গোটৰ উপদেষ্টা হিমাংশু কুমাৰ দাসেও বন্তি প্ৰজ্বলন কৰি ইনাৰ লাইন পাৰ্মিট থকা অৰুণাচল,নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ষষ্ঠ অনুসূচীৰ অধীনত পৰা মেঘালয়ৰ ৯৮% আৰু ত্ৰিপুৰাৰ ৬৭% এলেকাৰ লগতে অসমৰ ৮ খন জিলাৰ বাবে যদি “কা” বেয়া তেন্তে বাকী ২৭ খন জিলাৰ বাবে কা খন কেনেকৈ ভাল? বুলি চৰকাৰক প্ৰশ্ন কৰে।ইয়াৰ উত্তৰ চৰকাৰে দিব লাগিব মন্তব্য কৰে।লগতে কা আন্দোলনৰ পঞ্চ শ্বহীদক চৰকাৰে উচিত মৰ্যাদা দিয়াৰ লগতে পৰিয়ালসমূহকো যথোচিত সন্মান দিব লাগিব বুলি দাসে কয়। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কৃতিময় কাশ্যপে জাতীয় প্ৰতিজ্ঞা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ আহ্বানত অসমৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানে এই দিৱস পালন কৰে। ‘কা’ আন্দোলনৰ প্ৰথমটো ছহিদ বেদী কটনত নিৰ্মাণ কৰা হ’ব বুলি কৃতিময় কাশ্যপে কয়।’কা”ৰ দৰে অসমৰ জাতীয় বিপদ সমূহ মষিমূৰ কৰিবলৈ ছাত্ৰ সমাজক একত্ৰিত হ’ব আহ্বান জনায় কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কৃতিময় কাশ্যপে। অনুষ্ঠানত উপস্থিত থাকি বিভিন্নজনে মন্তব্য কৰে।

উপস্থিত কটনিয়ানে পঞ্চ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত শেষত কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই ‘কা’ৰ গইনাৰে বিদেশী লোকৰ সংখ্যা বৃদ্ধি পালে অসমীয়া ভাষা, সংস্কৃতি আৰু জাতিগত পৰিচয়ৰ প্ৰতি সংকট অহাটো স্বাভাৱিক বুলি উল্লেখ কৰি অসম চুক্তি মতে ২৪ মাৰ্চ ১৯৭১ৰ পাছত সকলো বিদেশীক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ কৰা কথা উল্লেখ কৰে।’কা’ অসমে নামানে বুলি স্পষ্টভাৱে উল্লেখ কৰে কটন বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক কুলদীপ গৌতম শৰ্মাই। প্ৰতিবছৰে কটন বিশ্ববিদ্যালয় আছু গোটে “আমি পাহৰা নাই” শীৰ্ষক পঞ্চ ছহিদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই “জাতীয় প্ৰতিজ্ঞা দিৱস” পালনৰ জৰিয়তে কৰিব বুলি কয়।


