Breaking

কটন বিশ্ববিদ্যালয় আৰু কলকাতাৰ MAKAIAS ৰ মাজত বুজাবুজি চুক্তি

0 58

প্ৰতি বছৰে পৃথিৱীজুৰি ১৮ এপ্ৰিলত পালন কৰা বিশ্ব ঐতিহ্য দিৱসৰ লগত সংগতি ৰাখি কটন বিশ্ববিদ্যালয়ে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ কলকাতাস্থ প্ৰতিষ্ঠান মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজ (MAKAIAS) ৰ লগত ।

মাকাইয়াছৰ সঞ্চালক ড০ সৰূপ প্ৰসাদ ঘোষ আৰু কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ অৰিন্দম গাৰ্গে চুক্তি স্বাক্ষৰিত কৰা এই অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ক্ৰমে ড০ ৰিতিকা চাহু, ড০ মঞ্জিল হাজৰিকা আৰু শ্ৰীমতী জৌগাঠি বসুমতাৰী। এই চুক্তি খনৰ জড়িয়তে বিভিন্ন ধৰনৰ গৱেষণা আৰু শিক্ষাদানৰ লগতে অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৈক্ষিক আদান-প্ৰদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি দুইটা অনুষ্ঠানে আশা প্ৰকাশ কৰিছে।

বৃহত্তৰ এচিয়াৰ প্ৰাচীন ইতিহাস, ঐতিহ্য আৰু প্ৰত্নতত্ত্বৰ ক্ষেত্ৰখনত ইয়াৰ গৱেষণা আৰু অধ্যয়নৰ লক্ষ্য আগত ৰাখি কৰা এই চুক্তিখনে এনেধৰনৰ গোলকীয় সম্পৰীক্ষাসমূহক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিব পাৰি। ডঃ সৰূপ প্ৰসাদ ঘোষে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাক সাক্ষাৎ কৰি অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰত্নতাত্ত্বিক স্থান আৰু প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ প্ৰচাৰ, সমৰ্থন আৰু সংৰক্ষণৰ বাবে দুইটা অনুষ্ঠানে যুটীয়াভাৱে আগন্তুক সময়ত ল’বলগা কাৰ্য্যসূচীসমূহৰ বিষয়েও বিশদভাৱে আলোচনা কৰে।

Leave A Reply