Breaking

ক’ত ২০ বিধ ব্যঞ্জনেৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই !

0 34

আমগুৰিত আজি বিয়লি পৰত জালুক গাঁওস্থিত বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ পোনপ্ৰথমে নামঘৰত সেৱা লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে লোকসভাৰ সাংসদ পল্লৱ লোচন দাস আৰু মন্ত্ৰী পীযুষ হাজৰিকাই |

২০১৪ চনৰ পৰা দক্ষতাৰে নেতৃত্ব দিয়া নৰেন্দ্ৰ মোডী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে | প্ৰধানমন্ত্ৰীয়ে ২৬ বাৰ অসম ভ্ৰমণ কৰা বুলি মন্তব্য কৰি নৰেন্দ্ৰ মোডীয়ে ডিঙিত গামোচা পিন্ধি জাতিটোৰ গৌৰৱ বিশ্বৰ চৌদিশে বিয়পাই দিছে |

লোকসভা নিৰ্বাচনৰ প্ৰাক্‌ মুহূৰ্তত বিলুপ্ত হোৱা আমগুৰি সমষ্টিৰ বিধায়কৰ ঘৰত থলুৱা ২০ বিধ ব্যঞ্জনেৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | লগতে অংকিতা দত্তৰ বাসগৃহতো উপস্থিত হয় |

অংকিতা দত্তৰ বাসগৃহৰ পৰা আমগুৰি বামুনগাঁওস্থিত কিৰণ শৰ্মাৰ বাসগৃহত বিজেপিৰ কাৰ্যকতা সভা অনুষ্ঠিত হৈ যায়

Leave A Reply