কমাৰগাঁওৰ গ্ৰীণ গেলাৰী: ৯৩ লাখৰ আঁচনি ‘সম্পূৰ্ণ’, খেলপথাৰ এতিয়াও অনুপযোগী । অভিযন্তাৰ গাফিলতিত নষ্ট হ’ল ৰাইজৰ আশা

কমাৰগাঁওৰ গ্ৰীণ গেলাৰী: ৯৩ লাখৰ আঁচনি ‘সম্পূৰ্ণ’, খেলপথাৰ এতিয়াও অনুপযোগী
অভিযন্তাৰ গাফিলতিত নষ্ট হ’ল ৰাইজৰ আশা

নাগাঁও জিলাৰ ৰহা সমষ্টিৰ কমাৰগাঁও পঞ্চায়তৰ মাজমজিয়াত এক বৃহৎ আঁচনি ৰূপায়ণ হৈছিল—গ্ৰীণ গেলাৰী। মুঠ ব্যয় ধৰা হৈছিল ৯৩ লাখ ৩৬ হাজাৰ টকা। ইয়াৰে ২২ লাখ টকা আবণ্টন কৰা হৈছিল কমাৰগাঁও খেলপথাৰখনৰ খাল-বাম পূৰাই মাটি পেলাই ল’ৰা-ছোৱালীয়ে খেলিব পৰাকৈ উপযোগী কৰি তুলিবলৈ। বাকী ৭১ লাখ টকা ধাৰ্য্য কৰা হৈছিল বাউণ্ডাৰী ৱালকে ধৰি অন্যান্য আনুষংগিক আন্তঃগাঁথনিৰ বাবে।

সেই সময়ত এই আঁচনিখন অসমৰ ভিতৰতে MGNREGA-ৰ দ্বিতীয় বৃহত্তম প্ৰকল্প হিচাপে পৰিচিত আছিল। আঁচনিৰ সমস্ত ধন ইতিমধ্যে উঠোৱা হৈছে আৰু প্ৰশাসনীয়ভাৱে আঁচনিখন ‘সম্পূৰ্ণ’ বুলি ঘোষণা কৰা হৈছে। এই বৃহৎ আঁচনিখন ৰাইজৰ মাজলৈ আনিবলৈ সক্ষম হৈছিল তেতিয়াৰ কমাৰগাঁও পঞ্চায়তৰ সভাপতি দ্বীপজ্যোতি বৰদলৈয়ে। তেওঁৰ বিৰুদ্ধে আজিকোপতি কোনো দুৰ্নীতিৰ অভিযোগ নাই—এয়া স্থানীয় ৰাইজৰ স্পষ্ট মত।

কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে বাস্তৱ চিত্ৰ সম্পূৰ্ণ বেলেগ। আঁচনিৰ অন্তৰ্গত খেলপথাৰখন আজিও খেলা-ধূলাৰ উপযোগী হৈ উঠা নাই। খেলপথাৰৰ অধিকাংশ অংশত পাহাৰীয়া শিল-বালি মিশ্ৰিত মাটি পেলোৱা হৈছে। ইয়াৰ উপৰিও খেলপথাৰত বৃহৎ পৰিমাণৰ পানী জমা হয়। ফলত কমাৰগাঁও অঞ্চলৰ ৰাইজ, বিশেষকৈ নৱপ্ৰজন্মক খেলা-ধূলাৰ পৰা আঁতৰাই ৰখাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই ব্যৰ্থতাৰ মূল দায়িত্ব অভিযন্তাগৰাকীৰ ওপৰত। এজন অভিযন্তাই কাৰিকৰীভাৱে যি দায়িত্ব পালন কৰিব লাগিছিল, সেয়া সম্পূৰ্ণভাৱে অৱহেলা কৰা হৈছে। মাটিৰ মানদণ্ড পৰীক্ষা নকৰাকৈয়ে পাহাৰীয়া শিল-বালি মিশ্ৰিত মাটি পেলাবলৈ অনুমতি দিয়া হৈছে। কম্পেকচন (Compaction) নোহোৱাকৈ প্ৰয়োজনীয় ড্ৰেইনেজ ব্যৱস্থা নোহোৱাকৈ কাম সম্পূৰ্ণ বুলি চহি দিয়া হৈছে। ফলত আজি খেলপথাৰখনত পানী জমা হয়, মাটি কঠিন হৈ পৰিছে আৰু ল’ৰা-ছোৱালীয়ে খেলিব নোৱাৰা হৈছে।

ৰাজহুৱা ধনেৰে কৰা আঁচনিত অভিযন্তাৰ ভূমিকা কেৱল কাগজত চহি দিয়া নহয়—কামটো ৰাইজৰ উপযোগী হোৱাটো নিশ্চিত কৰা। কিন্তু ইয়াত দেখা গ’ল—তেওঁ কেৱল কাগজত চহি দিয়াৰ কামেই কৰিলে, বেলেগ বিষয়ত তদাৰকি নকৰিলে, মানদণ্ড বজাই ৰখাৰ কথা নাভাবিলে। যদি অভিযন্তাই সঠিক সময়ত আপত্তি জনাইছিল বা কাম বন্ধ কৰিছিল, তেন্তে আজি এই দুৰ্দশা নহ’লহেঁতেন। কিন্তু তেওঁ সেয়া নকৰিলে। সেয়েহে কমাৰগাঁওৰ ৰাইজে এতিয়া বুজি পাইছে দোষ কাৰ।

অভিযন্তাগৰাকীয়ে নিজৰ কাৰিকৰী দায়িত্বত ব্যৰ্থ হৈছে, আৰু সেই ব্যৰ্থতাৰ বাবে চৰকাৰৰ বৃহৎ পৰিমাণৰ ধন নষ্ট হ’ল। বৰ্তমান এই খেলপথাৰখন এক পৰিত্যক্ত অৱস্থাত আছে। মাজে মাজে বোকা আৰু পানী হৈ থাকে। যাৰ বাবে সচেতন ৰাইজে তদন্ত হোৱাটো বিচাৰে ।

Related Articles