Breaking

কম দামত পিয়াজ যোগান কেন্দ্ৰৰ। আজিৰ পৰা ২৫ টকাত পিয়াজ…

0 113

আজিৰে পৰা খুচুৰা বজাৰত সুলভ মূল্যত গ্ৰাহকক যোগান ধৰা হব পিয়াজ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নেচনেল কোঅপাৰেটিভ কনজুমাৰ্ছ ফেডাৰেচন অব ইণ্ডিয়া আৰু নেচনেল এগ্ৰিকালছাৰ কোঅপাৰেটিভ মাৰ্কেটিং ফেডাৰেচন অব্ ইণ্ডিয়া লিমিটেডক যাৱতীয় নিৰ্দেশ জাৰি কৰিছে। গ্ৰাহক পৰিক্ৰমা বিভাগে ইতিমধ্যে প্ৰয়োজনীয় পিয়াজ যোগান ধৰাৰ লগতে এনচিচিএফ আৰু এন এ এফ ই ডি বিভাগে ১,৪০০ মেট্ৰিকটন পিয়াজ বিভিন্ন বজাৰলৈ প্ৰেৰণ কৰিছে। চৰকাৰে গ্ৰাহকক প্ৰতি কিলোগ্ৰামত পিয়াজ ২৫ টকা দৰত যোগান ধৰাৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে দেশৰ ভিতৰত পিয়াজৰ বৃহৎ বজাৰ নাছিকত পিয়াজৰ যোগান হ্ৰাস পোৱাত প্ৰতি কিলোগ্ৰামত পিয়াজৰ দাম ৫০ টকা পৰ্যন্ত স্পৰ্শ কৰিছিল। আনকি নাছিকৰ বজাৰে পিয়াজৰ উৎপাদন হ্ৰাস পোৱা প্ৰচণ্ড বৃষ্টিপাতৰ দোহাই দি পিয়াজৰ দাম এটা সপ্তাহত বৃদ্ধি কৰিছিল। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকক সকাহ দিয়াৰ উদ্দেশ্যে কাইলৈৰ পৰা প্ৰতি কিলোগ্ৰামত ২৫ টকাকৈ পিয়াজ যোগান ধৰাৰ বিষয়ে ঘোষনা কৰে।

Leave A Reply