আগন্তুক ১১, ১২ আৰু ১৩ ডিচেম্বৰ, ২০২৬ তাৰিখে কলকাতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তা-দৰ্শনক আগবঢ়াই নিয়াৰ উদ্দেশ্যে ‘সূত্ৰধাৰ’ ৰাষ্ট্ৰীয় শৈক্ষিক আৰু আধ্যাত্মিক-সাংস্কৃতিক সন্মিলন অনুষ্ঠিত হ’ব।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু শৈক্ষিক চিন্তা-দৰ্শন ৰাষ্ট্ৰীয় স্তৰত প্ৰচাৰ আৰু প্ৰসাৰ কৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন আৰু অসমীয়া সংস্কৃতিৰ লগত জড়িত বিভিন্ন আলোচনা, সাংস্কৃতিক অনুষ্ঠান আদি এই সন্মিলনত অনুষ্ঠিত হ’ব।
কলকাতা মহানগৰীৰ ভবানীপুৰত অৱস্থিত ঐতিহাসিক আশুতোষ মেমৰিয়েল হলত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বুলি নিশ্চিত কৰা হৈছে

পশ্চিম বংগৰ কলকাতা মহানগৰীৰ ভবানীপুৰত অৱস্থিত ঐতিহাসিক আশুতোষ মেমৰিয়েল হলত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বুলি নিশ্চিত কৰা হৈছে। (পূৰ্বে এই সন্মিলনভাগ পুডুচেৰীত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত ইয়াক কলকাতালৈ স্থানান্তৰ কৰা হয়)।
এই বিশেষ সন্মিলনভাগ “কুটুম্ব সুৰক্ষা পৰিষদ”ৰ এক বিশেষ অভিযান। ইয়াৰ উপৰি ‘ছচাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ’ (Society for Srimanta Sankaradeva) নামৰ সংস্থাটোৱেও এই ৰাষ্ট্ৰীয় অনুষ্ঠানটিৰ সৈতে সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়াইছে।
১১, ১২ আৰু ১৩ ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই তিনিদিনীয়া সন্মিলন অনুষ্ঠিত কৰিবলৈ আয়োজক সমিতিয়ে যাৱতীয় প্ৰস্তুতি চলাই আছে। অসম আৰু দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰখ্যাত বৈষ্ণৱ পণ্ডিত, সত্ৰাধিকাৰ, শংকৰী সংস্কৃতিৰ গৱেষক আৰু আধ্যাত্মিক চিন্তাবিদসকলক উপস্থিত থকাৰ সম্ভাৱনা। এই অনুষ্ঠানৰ সন্দৰ্ভত সামাজিক মাধ্যমত সূত্ৰধাৰ কুটুম্ব সুৰক্ষা পৰিষৰ সভাপতি সত্য ৰঞ্জন বৰাই জনাই যে-
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা-দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ লগতে ৰাষ্ট্ৰীয় সংহতি আৰু একাত্মতাৰ বুনিয়াদী ভেটি শক্তিশালী কৰিবলৈ ২০২২ বৰ্ষৰ পৰা একেধাৰে আয়োজন কৰি অহা #সূত্ৰধাৰ শীৰ্ষক “ৰাষ্ট্ৰীয় শৈক্ষিক আৰু আধ্যাত্মিক-সাংস্কৃতিক সন্মিলন” এইবেলি ভাৰতৰ দক্ষিণ প্ৰান্তৰ #পণ্ডিছেৰীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি একপ্ৰকাৰে আয়োজনৰ হেতু বহুখিনি কাম কৰা হৈছিল যদিও অসমৰ শিৱসাগৰ জিলাকে ধৰি আন কেইবাখনো জিলাত হোৱা ভয়ানক বানৰ হেতু প্ৰথমে আমি সময় সলনি কৰিব লগীয়া হৈছিল।
পিছলৈ, বানৰ বিভীষিকা হ্ৰাস পোৱাত অনুষ্ঠান ভাগ ডিচেম্বৰ মাহত পণ্ডিছেৰীত কৰিবলৈ পুনৰ চেষ্টা কৰা হৈছিল যদিও সসখিনি সময়ত সাগৰীয় উপকূলৰ সেই অঞ্চলত সমূহত ভীষণ ধুমুহা-বৰষুণ, ছুনামীৰ দৰে কিছু পৰিস্থিতিৰ সম্ভাৱনা হেতু এইবৰ্ষৰ অনুষ্ঠান ভাগ দক্ষিণৰ পৰা পূব দিশৰ #কলকাতা মহানগৰীত আয়োজন কৰিবলৈ নিশ্চিত কৰা হৈছে।
তাৰিখ ডিচেম্বৰ মাহৰ ১১, ১২ আৰু ১৩ : শুক্ৰ, শণি আৰু ৰবিবাৰ ২০২৬।
শ্ৰীগুৰুজনাৰ চিন্তা-দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ আমাৰ এই বিশাল প্ৰচেষ্টাৰ অংশীদাৰ হওঁক। আপোনালোকৰ নৈতিক, আৰ্থিক আদি সৰ্বতোপ্ৰকাৰৰ সহায়-সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণ আমি পৰম আন্তৰিকতাৰে কামনা কৰিলোঁ।ধন্যবাদ।

