কলিয়াবৰত পুঁজি প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী, তেত্ৰিশ হাজাৰ মহিলাক পুঁজি বিতৰণ

কলিয়াবৰৰ নাগশঙ্কৰস্থিত ডা: টি. ইও ষ্টেডিয়ামত অনুষ্ঠিত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ২২টা গাঁও পঞ্চায়তৰ প্ৰায় তেত্ৰিশ হাজাৰ মহিলাক পুঁজি বিতৰণ অনুষ্ঠানত ভাষণ দি অসমৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়ে পুনৰ অৱগত কৰে মুখ্যমন্ত্ৰীয়ে। ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কয় – চাৰি লাখ আত্মসহায়ক গোটৰ চল্লিশ লাখ মহিলাসকলে আত্মনিৰ্ভৰশীল হৈ সমাজ আৰু দেশক অৰ্থনৈতিকভাৱে আগ বঢ়াই নিব পাৰে। যোৰহাটৰ এক সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ তিনি কোটি মহিলাক লাখপতি কৰি তোলা হ’ব বুলি কৰা এক ঘোষণাক প্ৰেৰণা হিচাপে গ্ৰহণ কৰি অসমতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰে।
উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ, মহিলাসকলে কি কি কামত পুঁজি ব্যৱহাৰ কৰিব পাৰিব তাৰ বিষয়েও মহিলাসকলক অৱগত কৰে।


মুখ্যমন্ত্ৰীয়ে কয় যে, পৰৱৰ্তী সময়ত হিতাধিকাৰীসকলে লাভ কৰা পুঁজিৰ ব্যৱহাৰ সম্পৰ্কে চৰকাৰীভাৱে মূল্যায়ন কৰা হ’ব। যিসকল হিতাধিকাৰীয়ে পুঁজিৰ সদ ব্যৱহাৰ কৰিব তেওঁলোকক পৰৱৰ্তী বৰ্ষত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে ড° হিমন্ত বিশ্ব শর্মাই মঙ্গলবাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা বিধানসভা সমষ্টিৰ সৰ্বমুঠ প্ৰায় তেত্ৰিশ হাজাৰ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে।

এই উপলক্ষে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যৰ মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান গ্রহণ কৰা হৈছে। উল্লেখযোগ্য যে, কলিয়াবৰ সমষ্টিৰ হিতাধিকাৰীসকলক আজি এই সভাতেই ১০ হাজাৰ টকাকৈ চেক প্ৰদানৰ ব্যৱস্থা কৰা হয়। সভাত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই কয় – অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ শক্তিশালী পদক্ষেপৰ বাবে অসমত যোৱা সময়ছোৱাত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। কলিয়াবৰতো পূৰ্বে কোনো কালে নোহোৱা পৰিৱৰ্তন কলিয়াবৰৰ ঘৰে-ঘৰে দেখা পোৱা গৈছে। এতিয়া কলিয়াবৰত ঘৰে-ঘৰে হিমন্ত বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

Related Articles