Breaking

কলিয়াবৰত ভাষাৰ ওজাৰ হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন পালন

0 27

অসমৰ জনমানসত হেমকোষৰ প্ৰণেতা ৰূপে স্বীকৃত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আছিল অন্য এক পৰিচয়। অৱশ্যে সেই পৰিচয় অসমীয়াই অনুধাৱন কৰিবলৈ যথেষ্ট সময় লাগিল। বিজ্ঞান মনস্কতাৰে অসমীয়া সমাজলৈ, ভাষালৈ যিসকল মহান অসমীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে সেইসকলৰ ভিতৰত সদায় শীৰ্ষস্থানত থাকিব হেমচন্দ্ৰ বৰুৱা। প্ৰবাদপ্ৰতীম এইগৰাকী যুগদ্ৰষ্টাৰ জন্ম হৈছিল আজিৰ ১৮৮ বছৰৰ পূৰ্বে। এক জটিল সন্ধিক্ষণত এফালে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে আনফালে ভাষাৰ বাবে হেমচন্দ্ৰ বৰুৱাই যুঁজ দিছিল। উচ্চ-নীচ ভেদাভেদ পৰিহাৰ কৰি অসমীয়া ব্ৰাহ্মণ পৰিয়ালৰ জন্মগ্ৰহণ কৰিলেও যুক্তি-আৱেগক সদায় প্ৰাধান্য দিছিল।
এইগৰাকী সমাজ সংস্কাৰকক জন্মদিনত সোঁৱৰণ কৰি বৰ্তমানৰ সমাজত মানৱতাবাদী ধ্বজাবাহক ৰূপত নতুন প্ৰজন্মক গঢ়ি তুলিবৰ বাবে তেখেতৰ কৰ্মৰাজি মূল্যায়ন আৰু অৱলোকনৰ প্ৰয়োজন হৈ পৰিছে। এনে প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ উদ্যোগত কুঁৱৰীটোল শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে অন্ধবিশ্বাস বিৰোধী দিৱস আয়োজন কৰে। ভাষাৰ ওজাগৰাকীৰ ১০ ডিচেম্বৰৰ জন্মদিনৰ প্ৰাকক্ষণত কলিয়াবৰ ইলোৰা মঞ্চৰ সভাপতি ভূপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ভীমপ্ৰসাদ শৰ্মাই। শৰ্মাই বৰ্তমান সময়তো অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি ৰোৱা সমাজক বিজ্ঞানমনষ্ক কৰি তোলাত ছাত্ৰ-ছাত্ৰীক আগ্ৰহী হ’বলৈ আহ্বান জনাই। এক মনোগ্ৰাহী উপস্থাপনেৰে উপস্থিত ছাত্ৰ-ছাত্ৰীৰ লগতে সমজুৱাসকলক অন্ধবিশ্বাসৰ সৃষ্টি আৰু ইয়াৰ কু-প্ৰভাৱৰ বিষয়ে অৱগত কৰাৰ লগতে ইয়াৰ পৰিত্ৰাণ বাবে সকলোকে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আগ বাঢ়িবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত শিক্ষিত সমাজৰ দায়িত্ব যে অধিক সেই বিষয়েও সচেতনতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজিৰ সভাত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক পৰাগ দাহালে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা আৰু কাৰ্যাৱলীৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে হেমচন্দ্ৰ বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে আলোকপাত কৰি কয় – হেমচন্দ্ৰ বৰুৱাই স্বাধীনচিতীয়া আৰু অন্যায়- অবিচাৰৰ হকে কঠোৰ স্থিতি গ্ৰহণ কৰি সমাজৰ কল্যাণৰ হকে উৰ্ছগা কৰিছিল এই জীৱন। সেই সময়ত কানি বৰবিহে ছানি ধৰিছিল অসম। বিধৱা বিবাহৰ কথা কল্পনাই কৰিব নোৱাৰি। ৰক্ষণশীল সমাজত আছিল কেৱল বাধা। তেওঁ সেই সোঁতৰ বিপৰীতে গৈ ৰক্ষণশীল নীতি-নিয়ম ভাঙি মূল্যবোধৰ আধাৰত যুক্তিবাদী আৰু সংস্কাৰমুক্ত এখন সমাজ গঢ়িবলৈ চেষ্টা কৰি সফল হৈছিল। তেওঁ এনে চিন্তাৰ গৰাকী আছিল যে মৃত্যুৰ পাছত তেওঁ নশ্বৰ দেহ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰাৰ সলনি হাবিত পেলাই দিবলৈ কৈ গৈছিল। তাৰ কাৰণ আছিল জীৱ-জন্তুয়ে তেওঁৰ দেহ ভক্ষণ কৰিব। দেহদানৰ এই প্ৰক্ৰিয়া আৰু চিন্তাৰ বীজ তেতিয়াই তেওঁ মনত ৰোপন হৈছিল। এই চিন্তাৰে ইলোৰা বিজ্ঞান মঞ্চয়ে জন্মলগ্নৰে পৰা চিকিৎসা বিজ্ঞানৰ সহায় হোৱাকৈ দেহদানৰ বাবে অসমীয়াৰ মাজত সজাগতাৰ সৃষ্টি কৰি আহিছে। যোৱা ২০০৫ চনৰ পৰা ভাষাবিদ গৰাকীৰ জন্মদিনটো অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে ইলোৰা বিজ্ঞান মঞ্চই। সভাত ভূপেন শৰ্মাই ঊনবিংশ শতিকাৰ মাজভাগৰ আধুনিক শিক্ষাৰ প্ৰসাৰ নৌহওঁতেই ভাষাৰ ওজাগৰাকীয়ে মই সমাজ সংস্কাৰকৰ ভূমিকা লৈছিল সি আজিৰ আধুনিক শিক্ষিত সমাজৰ বাবেও অবিশ্বাস্য আছিল। তেনে এজন ব্যক্তিৰ জন্মদিন পালেই মূল লক্ষ্য হোৱাৰ বিপৰীতে তেখেতৰ সমাজ সংস্কাৰৰ দিশটোও আলোচিত হ’ব লাগে যাতে আজিৰ প্ৰজন্ম অন্ধবিশ্বাসসমূহ যুক্তিৰে নাকচ কৰিব পাৰে।
১৮৩৫ চনৰ ১০ডিচেম্বৰত যোৰহাটৰ ৰজাবাহৰ গাঁৱত জন্ম হৈছিৱ হেমচন্দ্ৰ বৰুৱাৰ। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম ৰূপহী দেৱী। হেমচন্দ্ৰ বৰুৱাই নানা প্ৰতিকূল পৰিৱেশৰ মাজত জীৱন আগুৱাই নিছিল। অসমীয়া ভাষা-সাহিত্যলৈ হেমকোষৰ উপৰিও অসমীয়া ব্যাকৰণ, অসমীয়া লৰাৰ ব্যাকৰণ, তুলনামূলক ব্যাকৰণ, অসমীয়া ল’ৰাৰ আদিপাঠ, পাঠমালা, স্বাস্থ্যৰক্ষা বা গা ভালে ৰখাৰ উপায়, কানীয়া কীৰ্তন, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী, আছামিজ মেৰিজ চিষ্টেম আদি অন্যতম।
আজিৰ সভাত কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা, শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰেক্টৰ দিলীপ কুমাৰ হাজৰিকা, পৰিচালনা সমিতিৰ সম্পাদক মোহন শইকীয়া তথা বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। কলিয়াবৰ ইলোৰা মঞ্চৰ সম্পাদক জয়ন্ত বৰাই সভাৰ আৰম্ভণীতে অভ্যাগতসকলক আদৰণী জনাই।

Leave A Reply