
কাছাৰত ৫ কোটি টকাৰ কাহৰ চিৰাপ আৰু ৪ কোটি ৮০ লক্ষৰ ইয়াবা টেবলেট জব্দ, আটক ৫
কাছাৰ আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। কালি তিনিটা পৃথক পৃথক অভিযানত বৃহৎ সফলতা লাভ কৰে আৰক্ষীয়ে।মুঠ ৫ কোটি টকাৰ কাহৰ চিৰাপ আৰু ৪ কোটি ৮০ লক্ষ টকাৰ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে ৫ গৰাকী সৰবৰাহকাৰীক* আটক কৰিবলৈ সক্ষম হয়।

জেষ্ঠ্য আৰক্ষী অধীক্ষক *পাৰ্থ প্ৰতিম দাসে জনোৱা মতে – ধলাইৰ লাইলাপুৰ নাকা চেকিং পইণ্টত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এখন বাহনৰ গোপন চেম্বাৰৰ পৰা ১৯,৪০০ টা ইয়াবা টেবলেট উদ্ধাৰ। এই অভিযানত আটক ২ জন – মাটাচিন আলী মীৰা (চালক) আৰু আব্দুল আহাদ লস্কৰ, দুয়ো ৰাজগোবিন্দপুৰ, ধলাইৰ বাসিন্দা। বাহনখনে মিজোৰামৰ পৰা ইয়াবা কঢ়িয়াই আনিছিল। জেষ্ঠ্য আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে জনোৱা মতে,বৰখলাৰ পুঠিচেৰা টোল গেটত এণ্টি-নাৰ্কটিকছ অপাৰেচনত এখন বাহনৰ চেনিৰ বেগৰ তলত লুকুৱাই থোৱা ৪৭,০০০ বটল কাহৰ চিৰাপ থকা ৪৭০ টা কাৰ্টন উদ্ধাৰ। আটক ২ জন – আয়ুব খান (চালক) আৰু ৰেহাবৰ আলী (সহ-চালক), দুয়ো মধ্যপ্ৰদেশৰ ভোপালৰ বাসিন্দা। গাড়ীখন কানপুৰৰ পৰা আগৰতলা অভিমুখে আহি আছিল।

তেওঁলোকে বৈধ নথি দেখুৱাবলৈ ব্যৰ্থ হয়।ইপিনে শিলচৰ চেংকুৰী বাইপাছত ৩৮ আছাম ৰাইফলছৰ সৈতে যৌথ অভিযানত এখন স্কুটিৰ ডিকিৰ পৰা ১২ হাজাৰ সন্দেহযুক্ত ইয়াবা টেবলেট উদ্ধাৰ। তদুপৰি শিলচৰৰ কনকপুৰ দ্বিতীয় খণ্ডৰ নজৰুল ইছলাম লস্কৰ নামৰ ব্যক্তিজনক আটক কৰা হয়। আটাইকেইটা ঘটনাৰ তদন্ত অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিয়ে।


