কাজিৰঙাত অসম সাহিত্য সভাৰ ভৱিষ্যৎ প্ৰজন্মৰ সন্মিলন সম্পন্ন…

ভাবিকালৰ সাধকসকলৰ ভৱিষ্যত তেওঁলোকৰ অভিভাৱকসকলৰ বৰ্তমানে নিৰ্মাণ কৰে। এখন সভ্য সমাজ গঠনৰ বাবে পৰিয়ালবোৰ সজ-সদাচাৰী হ’বই লাগিব। ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈকে অসম সাহিত্য সভাৰ ইতিহাসত আমি প্ৰথমবাৰৰ বাবে এই ভৱিষ্যত প্ৰজন্মৰ সন্মিলন আয়োজন কৰিছোঁ। অসম সাহিত্য সভাৰ উদ্যোগত, গোলাঘাট জিলা সাহিত্য সভাৰ সহযোগত আৰু ডিফলুপৰীয়া শতদল শাখা সাহিত্য সভা, স্থানীয় দল-সংগঠনৰ আতিথ্যত গোলাঘাট জিলাৰ ঐতিহ্যপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰাস্থিত পৰমানন্দ লাহন প্রেক্ষাগৃহত ভৱিষ্যত প্ৰজন্মৰ সন্মিলনৰ সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। অসম চৰকাৰৰ কৃষি আৰু পশু পালন মন্ত্রী অতুল বৰাই আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সভ্যপদ গ্ৰহণ কৰি কয় যে বৃহত্তৰ অসম আৰু অসমীয়া জাতি গঠনত অসম সাহিত্য সভাৰ ভূমিকা অপৰিসীম। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই স্মৃতিগ্রন্থ ‘প্ৰজন্মৰ ঐক্য’ উন্মোচন কৰা সন্মিলনখনত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই অসম সাহিত্য সভাৰ সাংগঠনিক দিশৰ সন্দৰ্ভত গধূৰ বিশ্লেষণ আগবঢ়ায়। ভাষণ প্ৰদান কৰি তেওঁ কয় যে দুহেজাৰ শাখা সাহিত্য সভা গঠনৰ বৃহৎ লক্ষ্যৰে অসম সাহিত্য সভা আগবাঢ়িছে।

এই পুণ্য সংগঠনটোক কোনেও আক্ৰোশ পূৰণৰ বাবে ব্যৱহাৰ নকৰিব। জাতিৰ অধিকাৰ খৰ্ব কৰি এই জাতীয় সংগঠনৰ নেতৃত্ব নিৰ্বাচনত অসম সাহিত্য সভাৰ প্ৰতিজন বিষয়ববীয়া আৰু সদস্য বিৰত থকা উচিত। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত উৎসর্গিত অসম সাহিত্য সভাক অধিক সবল আৰু শক্তিশালী ৰূপত গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখি জিলা সাহিত্য সভাসমূহৰ সম্পাদক, সহকাৰী সম্পাদক আৰু পত্রিকা সম্পাদকসকলক লৈ ভৱিষ্যৎ প্রজন্মৰ সম্মিলনখনিত নুমলীগড় শোধনাগাৰ মহাপ্রবন্ধক ড° কাজল শইকীয়া, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত হাজৰিকা, ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা, ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰকল্পৰ আহ্বায়ক নুৰুল চুলতান, সাংগঠনিক সম্পাদকত্ৰয় ক্ৰমে মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ দুলাল নাথ, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সুনীল গুৰুঙ, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ নিত্যানন্দ বৰা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, কবি সন্মিলন উপসমিতিৰ আহ্বায়ক নৱ ৰাজন, পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, তথ্য প্ৰযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰা, উপসভাপতি মুহিৰাম লইং, প্ৰাক্তন সভাপতি তফজ্জুল হক বৰবৰা, জিলা প্ৰতিনিধি ড০ যতীন নাথ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অঞ্জনা গগৈ, পুলক কুমাৰ গগৈ, ভূৱন ছেত্ৰী, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, লক্ষীমপুৰ, শোণিতপুৰ, ওদালগুৰি, দৰং, কাৰ্বি আংলং, ডিমা হাছাও, গোৱালপাৰা জিলা সাহিত্য সভা প্ৰমুখ্যে অধিকাংশ জিলা সভাৰ সম্পাদক, সহকাৰী সম্পাদক, পত্ৰিকা সম্পাদক, প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দুলাল দাসে আঁতধৰা সন্মিলনখনৰ আৰম্ভণিতে প্ৰতিজন অংশগ্ৰহণকাৰীক অসমৰ স্বাভিমানৰ প্ৰতীক কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ স্মাৰক, জাতীয় অংগ-বস্ত্ৰ, অভিনন্দন পত্ৰ আৰু গ্ৰন্থৰে ব্যাপক আদৰণী জনায়। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সন্মিলনখন জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে। ইফালে সভাৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা ৮-৪০ বজাত পতাকা উত্তোলন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰাই । পুৱা ৯ বজাত স্মৃতি তর্পণ কৰে অভ্যর্থনা সমিতিৰ সভাপতি মিনতি দলে। ৯-৩০ বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধার্ঘ জ্ঞাপন কৰি বন্তি প্রজ্জ্বলন কৰে বিশিষ্ট সমাজসেৱক, চলচ্চিত্র নির্মাতা, ৰজত কমল বঁটাপ্রাপক নুৰুল চুলতানে ।

Related Articles