Breaking

কৃতী শিক্ষাৰ্থীক শুভেচ্ছা সদৌ অসম ছাত্ৰ সন্থা দৰং জিলা সমিতিৰ

0 256

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ মূল্যায়ন ব্যৱস্থাৰে সদ্যঘোষিত ২০২১ বৰ্ষৰ ফলাফলত শীৰ্ষ এশ গৰাকী ছাত্ৰ ছাত্ৰী ৰ ভিতৰত দৰং জিলাৰ দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ  উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা (বিজ্ঞান শাখাৰ ) কৃতীমান ছাত্ৰ চৰিফুল ইছলাম ,বেছিমাৰী জাতীয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বানিজ্য শাখাৰ জমছেদ আলী, দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কলা শাখাৰ ফৰিদা ইয়াছমিন ক সদৌ অসম ছাত্ৰ সন্থাৰ অভিনন্দন আৰু শুভেচ্ছা  জ্ঞাপন কৰে নিজ নিজ বিদ্যালয় ত গৈ দৰং জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই।

ইয়াৰোপৰি বিদ্যালয় ৰ মুৰব্বী কো সম্বৰ্ধনা জ্ঞাপন কৰে‌। দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ বাছিৰ আহমেদ, দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ফিলচুব উদ্দিন আহমেদ,বেছিমাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আছাউদ্দিন আহমেদ কো সম্বৰ্ধনা জ্ঞাপন কৰে‌। সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান ৰ অভিনন্দন জ্ঞাপন কৰা কাৰ্যসূচী ত উপস্থিত থাকি অভিনন্দন জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থা সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা ৰ লগতে জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত থাকি বিদ্যালয়ত গৈ কৃতী ছাত্ৰ ছাত্ৰী আৰু শিক্ষা গুৰু ক অভিনন্দন জ্ঞাপন কৰে।

কভিড-১৯ ৰ পৰিস্থিতিৰ বাবে কৃতী ছাত্ৰ ছাত্ৰী আৰু শিক্ষানুষ্ঠান ৰ শিক্ষাগুৰুলৈ নিজ নিজ বিদ্যালয় আৰু নিজ গৃহত গৈ এই কাৰ্যসূচী ৰূপায়ন কৰা ৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ দৰং জিলা ছাত্ৰ সন্থাই ও এই কাৰ্যসূচী ৰূপায়ন কৰে। দৰং জিলাৰ পৰা এইবাৰ ১০০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰী ৰ বাচনি তালিকাত দৰং জিলাৰ ৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিবলৈ সক্ষম হয়।আজি দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ৩ গৰাকী ছাত্ৰ ছাত্ৰীক নিজ বিদ্যালয় ত গৈ অভিনন্দন জ্ঞাপন কৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই।

Leave A Reply