Breaking

কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক “ভট্টদেৱ বঁটা ২০২৩” প্ৰদান

0 46

সৰভোগৰ বৰনগৰ স্বৰ্ণদল শাখা সাহিত্য সভাৰ শতবাৰ্ষিকী উপলক্ষে সংবাদ মেলঃ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক “ভট্টদেৱ বঁটা ২০২৩” প্ৰদানৰ সিদ্ধান্তঃ

দৈনন্দিন বাৰ্তাৰ সেৱা, সৰভোগ, ৭ ডিচেম্বৰঃ
সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ ওচৰত মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চৰ কবি সন্মিলন খন বৰনগৰ সাহিত্য সভাৰ কাৰ্যালয়ত অহা ২৪ ডিচেম্বৰ তাৰিখ দেওবাৰে বৰনগৰ শাখা সাহিত্য সভাৰ শতবাৰ্ষিকী উপলক্ষে একেলগে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উক্ত অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস দেৱক এইটো বছৰৰ বাবে
“ভট্টদেৱ বঁটা ২০২৩” বৰনগৰ সাহিত্য সভাৰ পৰা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই কথা আজি বৰনগৰ স্বৰ্ণদল সাহিত্য সভাই সংবাদ মেল যোগে ঘোষণা কৰে ৷ বৰনগৰ সাহিত্য সভাৰ সম্পাদক প্ৰাণজিৎ দাসে সংবাদ মেলত কয় যে
ইতিমধ্যে “ভট্টদেৱ বঁটা” বৰনগৰৰ অন্যতম ৰিদম সাংস্কৃতিক গোষ্ঠীয়ে আগৰ পৰাই প্ৰদান কৰিছিল যদিও তেওঁলোকে দুই বছৰ এই বঁটা বিভিন্ন অসুবিধাৰ বাবে দিব পৰা নাই।যাৰ বাবে এইবছৰ সাহিত্য সভাৰ ফালৰ পৰা এই বঁটা প্ৰদান কৰা বাবে তেওঁলোকৰ মাজত আমাৰ ফালৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰাত আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। পৰবৰ্তী সময়ত এই বঁটা সাহিত্য সভাৰ ফালৰ পৰা প্ৰদান কৰা নহয়।
লগতে শতবাৰ্ষিকী উপলক্ষে “মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চৰ ” কবি সন্মিলনত “সাংস্কৃতিক বঁটা ২০২৩” ৰেজাউল কৰিম আহমেদক, কবি বাবুল গগৈক মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক মঞ্চৰ “শিশু সাহিত্যিক বঁটা ২০২৩” আৰু সাহিত্যিক পেঞ্চনাৰ কবি টিকেণ নাথক আন্তৰ্জাতিক মঞ্চৰ “সাহিত্যিক বঁটা ২০২৩” আৰু মুক্ত কবি কণ্ঠ বঁটা ২০২৩ ৰুণু মণি গগৈ চুতীয়া দেৱক সেইদিনা প্ৰদান কৰা হব।
সভাত অসম তথা বৰনগৰ অঞ্চলৰ বহু প্ৰতিষ্ঠিত কবি আৰু শাখাৰ আজীৱন সদস্য সকলক বিশেষ মানপত্ৰ আৰু সম্বৰ্ধনা জনোৱা হব ।
কবি সন্মিলন সঞ্চালন কৰিব বিশিষ্ট কবি সমালোচক বিপুল শৰ্মাদেৱে । সন্মিলনত উপস্থিত থাকিব বিশিষ্ট কবি ৰুদ্ৰ সিংহ মটক আৰু টিকেণ নাথ। আজিৰ সংবাদ মেলত বৰনগৰ স্বৰ্ণদল সাহিত্য সভাৰ সভাপতি দিনেশ নাথ, পত্ৰিকা সম্পাদক বিষ্ণু দাস প্ৰমুখে ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply