ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ

যি সকল মহিলাই সমাজখনৰ বিভিন্ন ক্ষেত্ৰত গঠনমূলক কাম কাজ কৰি সমাজক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সমাজৰ আমূল পৰিবৰ্তনৰ স্বাৰ্থত অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে সেই সকলৰ ভিতৰত কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা,শৈক্ষিক উপাধ্যক্ষ তথা স্বেচ্ছাসেৱী অনুষ্ঠান নৱ কিৰণ মঞ্চৰ সভানেত্ৰী ডঃ অৰ্চনা ভট্টাচাৰ্যৰ নাম অন্যতম। ১৯৫৯ চনৰ ২ জানুৱাৰীত যোৰহাটত তেওঁৰ জন্ম হৈছিল। দেউতাকৰ নাম আছিল ৰোহীনি চৰণ ভট্টাচাৰ্য আৰু মাকৰ নাম আছিল ইভা ভট্টাচাৰ্য। শিক্ষাৰ লগতে শাৰীৰিক আৰু মানসিক উৎকৰ্য সাধন কৰাৰ বাবে তেওঁ অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।

পিচপৰা অঞ্চলৰ সমাজক আগবঢ়াই নিয়াৰ স্বাৰ্থত এনেদৰে নিৰবচ্ছিন্ন ভাৱে কাম কৰি যোৱাৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁক ভূয়সী প্ৰশংসা কৰা হৈছে আৰু বিভিন্ন বটাঁৰে সন্মানীত কৰা হৈছে। ১৯৮৬ চনৰ ১ আগষ্টত তেওঁ কাকজান মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰি ২০১৯ চনৰ ৩১ মাৰ্চত তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহন কৰে। বিগত ৩৩ বছৰ ধৰি মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ অভিজ্ঞতাৰে তেওঁ সেই অঞ্চলৰ বিশেষকৈ চাহ বাগিছাৰ দৰে পিছ পৰা অঞ্চলত বিভিন্ন কাম-কাজ কৰি সফলতা অৰ্জন কৰিছে। ২০১৫ চনত স্থাপিত হোৱা নৱকিৰণ মঞ্চৰ জৰিয়তে তেওঁ মহিলা সকলক সামাজিক ভাৱে সচেতন কৰি গঢ়ি তোলা, ছাত্ৰ ছাত্ৰী সকলক পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ উৎসাহীত কৰা, ক্ৰীড়াৰ জড়িয়তে খেলুৱৈ সকলৰ সুস্বাস্থ্য, নেতৃত্ব প্ৰদান কৰিব পৰা গুণ, জিৰণি সময়ৰ সৎ ব্যৱহাৰ, প্ৰতিযোগিতাৰ মানসিকতা গঢ়ি তোলা, ঐক্য, সংহতি, সম্প্ৰতি ইত্যাদি অনেক সজ গুণৰ অধিকাৰী হিচাপে গঢ়ি তোলাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। ক্ৰীড়া বুলি ক’লে অসমত তেওঁলোকৰ এক সুকীয়া পৰিচয় আছে। সকলোৱে কিবা নহয় কিবা খেলি খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত হৈছিল। তেওঁ নিজেই এজন প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ বেডমিন্টন খেলুৱৈ আছিল বাবেই ক্ৰীড়াৰ প্ৰতি আছিল তেওঁৰ এক আত্মীক টান। ১৯৭৪ চনতে তেওঁ বেডমিন্টনৰ জড়িয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন প্ৰতিযোগিতাত অসম দলৰ জাৰ্ছী পিন্ধাৰ গৌৰৱ অৰ্জন কৰিছিল। উল্লেখ্য যে কোনো ধৰণৰ আন্তঃ জিলা প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাকৈয়ে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিল। ঘৰখনত আছিল ক্ৰীড়াৰ পৰিবেশ। দেউতাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন খেলুৱৈ আছিল। খুড়াকৰ ল’ৰা অভিজিৎ ভট্টাচাৰ্যই ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন খেলুৱৈ হোৱাৰ উপৰিও দলটোক নেতৃত্ব প্ৰদান কৰিছিল।

১৯৮১-৮২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বেডমিন্টন প্ৰতিযোগিতাত একক,দ্বৈত আৰু মিস্কডাবলচত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ২০১৯ চনত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত জন্ম গ্ৰহণ কৰা অসম ভলীবল মিছন-১০০ৰ উদ্যোগত অসমৰ সৰ্বত্ৰতে চলি থকা ব্ৰহ্মপুত্ৰ ভলীবল লীগত তেওঁৰ দুটাকৈ কেন্দ্ৰ অংশগ্ৰহণ কৰি সকলোকে আচৰিত কৰি তুলিছিল। কিয়নো সেই সময়ত চাহ বাগিছাৰ খেলুৱৈ সকলে ভলীবল খেলাটো দূৰৈৰ কথা ভলীবলটোৱে দেখাৰ সৌভাগ্য হোৱা নাছিল। নিজৰ ইচ্ছা শক্তিৰ ওপৰত প্ৰৱল বিশ্বাসী অৰ্চনা ভট্টাচাৰ্যই যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি অসাধ্যক সাধন কৰিছিল। লগ ডাউনৰ সময়ত অভিজিৎ ভট্টাচাৰ্যই কোপোৰ মেৰিয়াই মেৰিয়াই ভলীবলৰ আকৃতি কৰি অনলাইন যোগে খেলুৱৈ সকলক শিকাইছিল আণ্ডাৰহেণ্ড আৰু আপাৰহেণ্ডৰ স্কীল। এনেদৰে তেওঁলোকে প্ৰশিক্ষণ লৈ নিয়মীয়াকৈ অনুশীলন কৰি থকা খেলুৱৈ সকলৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছিল। মনোময় চাহ বাগিছা কেন্দ্ৰ আৰু দিহা চাহ বাগিছা কেন্দ্ৰৰ পৰিচালকৰ দায়িত্ব পালন কৰি আহিছে প্ৰবীন মুণ্ডা আৰু শ্যাম গুৱালাই। এওঁলোকেও কেতিয়াও ভলীবল খেলি পোৱা নাছিল। পিছলৈ এওঁলোকে ভলীবলৰ স্কীল সমূহ শিকি বুজি লৈ খেলুৱৈ সকলক শিকাব পৰা হৈছে। ইয়াৰ মাজতে অৱশ্যে ভলীবলৰ এন আই এছ প্ৰশিক্ষক কৌশিক হাতিবৰুৱাৰ জড়িয়তে প্ৰায় ২০ দিন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ উপৰিও খেলুৱৈৰ তাগিদাতে মৌবন্ধা নামেৰে নতুনকৈ কেন্দ্ৰ এটি স্হাপন কৰা হ’ব বুলি জানিব পৰা গৈছে। ডঃ অৰ্চনা ভট্টাচাৰ্যই ইচ্ছা কৰা হ’লে সমাজৰ বাবে এনেধৰণৰ কাম-কাজ নকৰাকৈয়ে পৰিয়ালৰ লগত সুখে সন্তোষে থাকিব পাৰিলেহেতেন। কিন্তু সমাজৰ বাবে কিবা এটা কৰাৰ মানসিকতাই তেওঁক ৰাতি শুবলৈ নিদিয়ে। নিজৰ গাঁঠিৰ ধন খৰছ কৰি বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি তেওঁ সমাজৰ বাবে যি কৰি গৈ আছে তাৰ বাবে সচেতন ক্ৰীড়া প্ৰেমীয়ে তেওঁক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Related Articles