অসমৰ ক্ৰীড়া সাংবাদিকতাৰ বাটকটীয়া, ক্ৰীড়া সংগঠক, ক্ৰীড়া মহীৰূহ পুলিন দাসৰ ১০৭ সংখ্যক জন্ম জয়ন্তী আৰু স্মাৰক বক্তৃতানুষ্ঠান আজি গুৱাহাটীস্থিত ইণ্ডিয়া ক্লাৱৰ প্ৰেক্ষাগৃহতে বিয়লি ৩-৩০ বজাত অনুষ্ঠিত হয়৷ পুলিন দাস স্মৃতিৰক্ষা সমিতিয়ে আয়োজন কৰা এই অনুষ্ঠানৰ আৰম্ভণিতে ক্ৰীড়া মহীৰূহগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মাধুৰ্য্য বৰুৱা, ক্ৰীড়া সংগঠক প্ৰদীপ চলিহা, বিশিষ্ট সমাজসেৱী অজয় দত্তৰ লগতে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ৷ ইয়াৰ পিছতে পুলিন দাস স্মৃতিৰক্ষা সমিতিৰ সম্পাদক তথা পুলিন দাসৰ সুপুত্ৰ কল্যাণ কুমাৰ দাসে আদৰণি ভাষণ আগবঢ়ায়৷ তেওঁ আদৰণি ভাষণত ক্ৰীড়া মহীৰূহগৰাকীৰ কৰ্মৰাজি নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়৷ ইয়াৰ পিছতে বিশিষ্ট সমাজসেৱক, প্ৰাক্তন ৰাজনীতিক অজয় দত্ত আৰু প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ তথা অইল ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ মাধুৰ্য্য বৰুৱাক স্মৃতি ৰক্ষা সমিতিৰ ফালৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়৷ অনুষ্ঠানত ভাষণ দি অজয় দত্তই কয় যে পুলিন দাস আছিল এগৰাকী কিংবদন্তি পুৰুষ৷ পুলিন দাসক এশ শতাংশই ক্ৰীড়া ব্যক্তিত্ব বুলি অভিহিত কৰি তেওঁ কয় যে এইগৰাকী ব্যক্তিয়ে কেৱল সমাজক দিবৰ বাবেই জন্মগ্ৰহণ কৰিছিল৷ অসমত সাংবাদিকতাৰ ধাৰণা ধূসৰ হৈ থকাৰ সময়তে ক্ৰীড়া সাংবাদিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি থৈ যোৱা পুলিন দাস সকলোৰে বাবে গৌৰৱৰ বিষয় বুলি কয়৷ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি নয়ন প্ৰসাদে আঁত ধৰা এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বেডমিন্টন খেলুৱৈ মাধুৰ্য্য বৰুৱাই সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে৷ প্ৰথমগৰাকী ক্ৰীড়াবিদৰূপে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা মাধুৰ্য্য বৰুৱাই “অসমৰ বিশেষ উদ্ধৃতিৰে আমাৰ দেশৰ ক্ৰীড়া ব্যৱস্থাৰ বিকাশত কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহৰ ভূমিকা ” শীৰ্ষক বিষয়ত স্মাকক বক্তৃতা প্ৰদান কৰে৷ বৰুৱাই কয়— “ অসমত কোনো ধৰণৰ আন্তঃগাথনি নথকাৰ সময়তে তেওঁ ৰাধাগোবিন্দ বৰুৱাৰ সৈতে গুৱাহাটীত নেহৰু ষ্টেডিয়াম নিৰ্মাণ কৰি উলিয়াইছিল৷ মই ক্ৰীড়াক্ষেত্ৰৰ পৰা পোনে পোনে অইলৰ ক্ষেত্ৰখনলৈ গৈছো আৰু এতিয়াও মই হাড়ে হিমজুৱে এজন ক্ৰীড়া ব্যক্তিত্ব৷ বৰ্তমান সময়তো ক্ৰীড়া ক্ষেত্ৰৰ অজস্ৰ সমস্যা আছে যদিও সেই সমস্যাবোৰ সমাধান কৰিব নোৱাৰা বিধৰ নহয়৷ অইলৰ দৰে বহুজাতিক সংস্হাসমূহে অন্য বহু বিভাগৰ লগতে ক্ৰীড়া জগতলৈয়ো সহায়ৰ হাত আগবঢ়াই আহিছে৷ উদ্যোগসমূহে দীৰ্ঘকাল ধৰি ক্ৰীড়াবিদৰ নিযুক্তিৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে৷” তেওঁ কয় যে উদ্যোগিক সংস্হাসমূহে প্ৰতি বছৰে কোটি কোটি টকা ক্ৰীড়াৰ উন্নয়নৰ বাবে আগবঢ়াই আহিছে৷ অসমো এইক্ষেত্ৰত ব্যতিক্ৰম নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ খেলুৱৈয়ে শীৰ্ষ পৰ্যায়ত উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ পাঠ্যক্ৰমত ক্ৰীড়া বিষয় অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন আছে৷ তেওঁ ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰা খেলুৱৈসকলৰ কৰ্ম সংস্হানৰ ব্যৱস্থা কৰিবলৈয়ো চৰকাৰক আহ্বান জনায়৷ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ ৰত্না সিঙক সম্বৰ্দ্ধনা জনোৱা হয়৷ বৰুৱাই লগতে কয় যে বিগত প্ৰায় ৩০ বছৰ ধৰি ৰাজনীতিকসকলে ক্ৰীড়া ক্ষেত্ৰত পদাৰ্পণ কৰি আহিছে৷ এইটো এক স্পৰ্শ কাতৰ বিষয় বুলি উল্লেখ কৰি তেওঁ ক্ষমতাৰ অপব্যৱহাৰ নকৰিবলৈ তেওঁলোকক আহ্বান জনায়৷ ক্ষমতাৰ অপব্যৱহাৰ কৰি আহিছে৷ পুলিন ’দাস স্মৃতিৰক্ষা কমিটীৰ হৈ সম্পাদক কল্যাণ কুমাৰ দাসে অনুষ্ঠানত উপস্থিতি থকা ক্ৰীড়া অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে৷

