খচৰা ভোটাৰ তালিকা প্ৰকাশ, ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি

ৰাজ্যত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। অসম ৰাজ্যিক মুখ্য নিৰ্বাচনী আয়ুক্ত অনুৰাগ গোৱেলে আজি এক সংবাদমেলত এই কথা সদৰী কৰে। বিশেষ পুনৰীক্ষণৰ পাছত ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।

নতুন খচৰা তালিকা অনুসৰি এইবাৰ ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫২,০১,৬২৪ জন। পূৰ্বৰ তুলনাত ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ১,২৫,৭২,৫৮৩ জন পুৰুষ ভোটাৰ আৰু ১,২৬,২৮,৬৬২ গৰাকী মহিলা ভোটাৰ আছে। লগতে তৃতীয় লিংগৰ ভোটাৰ আছে ৩৭৯ জন। ভোটাৰ তালিকাত প্ৰতি ১,০০০ জন পুৰুষৰ বিপৰীতে ১,০০৪ গৰাকী মহিলা ভোটাৰ থকা বুলি জানিবলৈ দিয়ে নিৰ্বাচন আয়োগে।

ৰাজ্যজুৰি মুঠ ৩১,৪৮৬ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। মানকাচৰ বিধানসভা সমষ্টিত সৰ্বাধিক ৪০২টা ভোটকেন্দ্ৰ আছে, আনহাতে দোটমা সমষ্টিত সৰ্বনিম্ন ১৪৬টা ভোটকেন্দ্ৰ আছে। ভোটাৰৰ সংখ্যাৰ দিশৰ পৰা দেৰগাঁও সমষ্টি শীৰ্ষস্থানত আছে, য’ত মুঠ ভোটাৰ ৩,১৮,৩২৬ জন। আনফালে আমৰি সমষ্টিত সৰ্বনিম্ন ১,০০,৩১৯ জন ভোটাৰ আছে।

এই খচৰা তালিকাত ৬৩,৩১৪ জন চাৰ্ভিচ ভোটাৰ আৰু ২,০২,৪৩৩ জন নন-ৰেচিডেণ্ট (পিডব্লিউডি) ভোটাৰো অন্তৰ্ভুক্ত হৈছে। ১৮-১৯ বছৰ বয়সৰ নতুন ভোটাৰ ২,৪৫,০৮৪ জন আৰু ৮৫ বছৰৰ ওপৰৰ ভোটাৰৰ সংখ্যা ১,৩৬,৫৪৬ জন বুলি জানিবলৈ দিয়া হৈছে।

বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত ৰাজ্যজুৰি ৬০ হাজাৰৰো অধিক বি এল অ’য়ে কাম কৰিছে। ঘৰে ঘৰে গৈ কৰা পৰীক্ষণত ৬১,০৩,১০৩ টা পৰিয়াল আৱৰি লোৱা হয়। এই সময়ছোৱাত ৭.৮৬ লাখৰো অধিক নতুন ভোটাৰ সংযোজন কৰা হয় আৰু ৪.৪৭ লাখ নাম কৰ্তন কৰা হয়। ফলত প্ৰায় ৩.৩ লাখ ভোটাৰৰ নিকা বৃদ্ধি ঘটে। একে সময়তে ৪.৭৯ লাখ মৃত ভোটাৰ আৰু ৫.২৩ লাখ স্থানান্তৰিত ভোটাৰ চিনাক্ত কৰা হৈছে, যাৰ নাম দাবী আৰু আপত্তি সময়ছোৱাত বিবেচনা কৰা হ’ব।

ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ ৬ নম্বৰ প্ৰ-পত্ৰ ব্যৱহাৰ কৰিব লাগিব। নাম সংশোধনৰ বাবে ৮ নম্বৰ প্ৰ-পত্ৰ ব্যৱহাৰ কৰিব পাৰিব। ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত গাঁওসভাৰ জৰিয়তে খচৰা ভোটাৰ তালিকা সন্দৰ্ভত নাগৰিকক অৱগত কৰা হ’ব। পূৰ্ণাঙ্গ আৰু চূড়ান্ত ভোটাৰ তালিকা অহা ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাৱ ।

Related Articles