অতনু ভূঞাৰ পৰিচালনাৰ বহুচৰ্চিত ছবি ‘খাকী’ৰ প্ৰথমখন প’ষ্টাৰ আনুষ্ঠানিকভাৱে ৫ জানুৱাৰী সোমবাৰে জ্যোতি চিত্ৰবনৰ এটি প্ৰেক্ষাগৃহত মুকলি কৰা হয় । এখন ৰাজনৈতিক থ্ৰীলাৰ ৰূপে নিৰ্মিত এই ছবিখনৰ প’ষ্টাৰখন মুকলিৰ লগে লগেই চৰ্চা লাভ কৰিছে। এবিচিডিৰ বেনাৰত খাকীৰ প্ৰযোজনা কণিকা ভূঞা আৰু অৱয়ব ভূঞাৰ ৷
পষ্টাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক উৎপল মেনাই৷

ছবিখনৰ প্ৰথমখন পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থকা সাংবাদিকসকলক সম্বোধন কৰি ছবিখনৰ প্ৰযোজনা সংস্থা এবিচিডিৰ তৰফৰ পৰা জনোৱা হয় যে ‘খাকী’ মুক্তি দিয়া হ’ব অহা ২৭ ফেব্ৰুৱাৰীত ।
বৰ্তমান মুম্বাইত ‘খাকী’ৰ অন্তিম পৰ্যায়ৰ কাম চলি আছে । বৰ্তমান ছবিৰ DI অৰ্থাৎ ডিজিটেল ইণ্টাৰমিডিয়েটৰ কাম চলি আছে মুম্বাইৰ বিখ্যাত প্ৰসাদ লেবৰেটৰীত। পৰিচালক অতনু ভূঞাই জনোৱা মতে প্ৰথমবাৰৰ বাবে অসমীয়া ছবিৰ কালাৰ কাৰেকচনত অতি উচ্চমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । মুম্বাইৰ প্ৰসাদ লেবৰেটৰীত ডিআইৰ কাম কৰিছে বিখ্যাত পৰিচালক কিৰণ কোটাই । ‘ৱেডনেচ ডে’, ‘দ্য মাদ্ৰাছ কাফে’ আদি ছবিৰ ডিআইৰ সৈতে জড়িত আছিল কিৰণ কোটা । ইয়াৰ উপৰিও বলীডউৰ বহু ছবিৰ কাম কৰিছে ‘খাকী’ৰ সৈতে জড়িত কিৰণ কোটাই ।
ছবিৰ আৱহ সংগীত আৰু অন্যান্য আনুসংগিক কামো চলি আছে মুম্বাইত । ছবিৰ আৱহ সংগীতৰ দায়িত্বত আছে ফিল্মফেয়াৰ বঁটা প্ৰাপক বলীউডৰ জনপ্ৰিয় সংগীত পৰিচালক ডেনিয়েল বি জৰ্জ । ডেনিয়েলে ইয়াৰ পূৰ্বে বলীউডৰ জনপ্ৰিয় ছবি ‘আন্ধা ধূন’, ‘মেৰী খ্ৰীষ্টমাছ’, ‘জনী গাড্ডাৰ’ আদি ছবিৰ আৱহ সংগীতৰ কাম কৰিছিল ।
বৰ্তমান মুম্বাইত ডেনিয়েলৰ তত্বাৱধানত পূৰ্ণগতিত চলি আছে ‘খাকী’ৰ আৱহ সংগীতৰ কাম । আৱহ সংগীতৰ উপৰি ছবিৰ সংগীত পৰিচালনা কৰিছে ডেনিয়েলে নিজে । ছবিখনৰ গীতত কণ্ঠদান কৰিছে অনুজা ভূঞা, ৰূপম ভূঞা আৰু জয় বৰুৱাই । পৰিচালক অতনু ভূঞাই জানিবলৈ দিয়া মতে মুম্বাইত দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ তত্বাৱধানত খাকীৰ শব্দৰ কাম চলি আছে। ছবিখনক লৈ ইতিমধ্যেই চৰ্চা আৰম্ভ হৈছে৷প’ষ্টাৰ মুকলি অনুষ্ঠানত ছবিখনৰ অভিনয় শিল্পী তথা কলা কুশলীসকলো উপস্থিত থাকে৷

