খাৰঘুলিৰ ঘৰ নলয় পৰিয়ালে, গঠন হ’ব ‘জুবিন গাৰ্গ ন্যাস’

অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ খাৰঘুলিত নিৰ্মীয়মাণ অৱস্থাত থকা বাসগৃহটো এতিয়া পৰিয়ালে নিজে ব্যৱহাৰ নকৰে। সেই ঘৰটোতেই গঠন হ’ব ‘জুবিন গাৰ্গ ন্যাস’। জুবিন গাৰ্গৰ আদৰ্শ, চিন্তা-চেতনাক চিৰজীৱন্ত কৰি ৰাখিবলৈ আৰু সমাজৰ কল্যাণমূলক কাম-কাজ আগবঢ়াবলৈ এই ন্যাস গঠন কৰা হৈছে।

শুকুৰবাৰে এক সংবাদমেলত এই কথা সদৰী কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ অকাল বিয়োগৰ প্ৰায় তিনি মাহ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ মুখামুখি হয় তেওঁৰ পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী ড° পামী বৰঠাকুৰ।

সংবাদমেলত গৰিমা গাৰ্গে জনায় যে, জুবিন গাৰ্গৰ সপোন, আদৰ্শ আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাক আগবঢ়াই নিবলৈ এই ন্যাস গঠন কৰা হৈছে। জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল অসমৰ জনতাৰ হৃদয়ৰ অংশ। তেওঁৰ চিন্তা-চেতনাক আগবঢ়াই নিবলৈ এই ন্যাস এক মঞ্চ হিচাপে কাম কৰিব।

এই ন্যাসৰ দায়িত্বত থাকিব জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা আৰু আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত। ন্যাসৰ জৰিয়তে সমাজ, সংস্কৃতি, প্ৰকৃতি আৰু নতুন প্ৰজন্মৰ কল্যাণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

গৰিমা গাৰ্গে কয়, “জুবিন গাৰ্গ অসমবাসীৰ হৃদয়ত সদায় জীয়াই থাকিব। তেওঁৰ সপোন, আদৰ্শ আৰু চিন্তাধাৰাক আগবঢ়াই নিয়াৰ দায়িত্ব আমাৰ। সেই উদ্দেশ্যেৰে খাৰঘুলিৰ ঘৰটো এই ন্যাসৰ বাবে আগবঢ়োৱা হৈছে।”

তেওঁ লগতে কয় যে, জুবিন গাৰ্গে জীৱিত অৱস্থাত যিসমূহ সাংস্কৃতিক আৰু সামাজিক কামৰ সপোন দেখিছিল, সেইবোৰ বাস্তৱায়নৰ বাবে এই ন্যাসে সক্ৰিয় ভূমিকা ল’ব। ‘কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন’ৰ জৰিয়তে সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰত কাম অব্যাহত থাকিব। লগতে, জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰা ‘অভিনয়াঃ জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰ’ৰ জৰিয়তে নতুন প্ৰজন্মক প্ৰশিক্ষণ আৰু সুযোগ প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰিও, জুবিন গাৰ্গৰ সৃষ্টিশীল বৌদ্ধিক সম্পদ সংৰক্ষণৰ বাবে এক বিশেষ গৱেষণা শাখা গঠন কৰা হ’ব। তেওঁৰ জীৱন, কৰ্ম আৰু সাংস্কৃতিক অৱদানৰ ওপৰত গৱেষণা, নথিভুক্তিকৰণ আৰু অধ্যয়ন এই শাখাৰ মূল উদ্দেশ্য হ’ব।

সংবাদমেলত গৰিমা গাৰ্গে জনায় যে, জুবিন গাৰ্গৰ বন্ধু-বান্ধৱ, শুভাকাংক্ষী, শিল্পী সমাজ, সংবাদ জগতৰ ব্যক্তিসকল আৰু ‘জুবিন ফেন ক্লাব’ৰ সহায়-সহযোগিতাৰে এই উদ্যোগ আগবঢ়োৱা হৈছে। তেওঁ শেষত অসমবাসীৰ আশীৰ্বাদ আৰু সহায় কামনা কৰে যাতে জুবিন গাৰ্গৰ আদৰ্শ, সপোন আৰু মানৱিক চিন্তা সদায় জীৱন্ত হৈ থাকিব পাৰে।

Related Articles