Breaking

গোসাইগাঁৱৰ শ্ৰীৰামপুৰত ৩১ টা গৰুসহ দুখন বলেৰো পিক আপ ভান জব্দ

0 2,012

ৰাজ্যত চোৰাং গৰু সৰবৰাহ কাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যিমানেই কঠোৰ হৈছে চোৰাং সৰবৰাহ কাৰী সকলে ন ন কৌশল অবলম্বন কৰি গৰু সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে।চোৰাং গৰু মাফিয়াই আজি ৰাতিপুৱা চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ পুণ্ডিবাৰীৰ পৰা দুখন বলেৰো পিকআপ ভানত মুঠ ৩১ টা গৰু বোজাই কৰি গৰু সমূহ অসমৰ গৌৰীপুৰলৈ সৰবৰাহ কৰাৰ সময়ত যাতে বাহিৰৰ পৰা কোনোবাই প্ৰত্যক্ষ কৰিব নোৱাৰে তাৰ বাবে গৰু সমূহৰ ওপৰত ধানৰ তুষ ভৰ্তি বস্তা দি বোজাই কৰি আনিছিলWB 63A 7288,WB73F 1119 গাড়ী দুখনত৷ গাড়ী দুখনৰ ওপৰত শিমুলটাপু আৰক্ষীৰ সন্দেহ হোৱাত গাড়ী দুখন ৰখাই তলাচী চলোৱাত তুষৰ বস্তাবোৰৰ তলত গৰু থকা প্ৰত্যক্ষ কৰি গৰুসহ বলেৰো পিকআপ গাড়ী দুখন জব্দ কৰাৰ লগতে চাৰিজনক আটক কৰে।আটক কৰা লোক সকলৰ দুজন কোচবিহাৰ জিলাৰ পুণ্ডিবাৰীৰ ক্ৰমে আবুল হুছেইন (২৩),অমল ৰায় (৪৫)আৰু। আন দুজন কোচবিহাৰ জিলাৰ তুফানগঞ্জৰ ক্ৰমে ইলিয়াছ শ্বেখ (২৪)আৰু জাহিদ শ্বেখ(১৮)বুলি চিনাক্ত কৰা হৈছে। 

Leave A Reply