গান্ধাৰীৰ ভাও আৰু কিমান দিনলৈ ! আমি চিন্তাধাৰা সলনি কৰিবৰ হ’ল

অসমত বোলে এতিয়া শান্তিয়েই শান্তি। এতিয়া হেনো ৰাজপথত কোনেও আন্দোলন কৰিবলগীয়া নাই। সকলো সুখ-শান্তি এতিয়া মানুহে ঘৰতে শুই-বহি উপভোগ কৰিলেই হ’ল। এয়া আমাৰ কথা নহয়। বৰ্তমান সময়ত একাংশ ৰজাঘৰীয়াই আৰু একাংশ তুষ্টিকৰণত ব্যস্ত থকা নেতা-পালি নেতা আৰু একাংশ দেখিও নেদেখা অসম হিতৈষী লোকৰ কথা। পিছে বাস্তৱত কি হৈ আছে, কি হ’বলৈ গৈ আছে সেয়া দেখাোই দেখি আছে আৰু বুজায়ো ভালদৰেই বুজি পাইছে। মাত্ৰ সকলোৱে কিহবাৰ লোভত অথবা কাৰোবাৰ ৰোষত পৰাৰ ভয়ত এতিয়া সকলোৱে গান্ধাৰীৰ ভূমিকা গ্ৰহণ কৰিছে। এয়াই আমাৰ দুৰ্ভাগ্য, আমাৰ দুৰ্দশা। আমাৰ চকুৰ সন্মুখতেই গৰু-গাহৰিৰ মাংসক লৈ তোলপাৰ লাগিল অসমত। ইয়াৰ সুযোগ লৈ একাংশই সাম্ৰদায়িক উত্তেজনা বিয়পাবলৈ পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে। কিন্তু সেই উত্তেজনাৰ আশু সমাধানৰ বাবে কোনেও কিন্তু আগবাঢ়ি নাহিল বা অহা দেখাও নগ’ল সাতামপুৰুষীয়া সম্প্ৰীতিত ক্ৰমান্বয়ে ঘূণে ধৰিবলৈ আৰম্ভ কৰিলে। কথা হ’ল মানুহৰ হাতত যদি কোনো বিষয় নাথাকে তেতিয়াই সাম্প্ৰদায়িক উত্তেজনা বিয়পাই দিব পাৰিলেই সকলো হৈ যায়। শান্ত পৰিৱেশ ভংগ হৈ যায় নিমিষতে। অতি আৱেগিক আৰু সংবেদনশীল বিষয়টোৱেই হৈছে ধৰ্ম। ধৰ্মক লৈ যেতিয়া সংঘাত আৰম্ভ হয় তেতিয়াই ধ্বংসৰ দিশলৈ আগবাঢ়ে এটা জাতি। সমস্যা কিন্তু সমাধান নহয় বৰং বেছিকৈ সমস্যাৰ উদ্ভৱহে হয়। আৰু হয়তো শাসকীয় পক্ষই তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে। আমাৰ সাধাৰণ জনতাই সেই কথাটোকে উপলব্ধি কৰিবলৈ অপাৰগ হোৱা দেখা যায়। ইয়াৰ পিছত আহিল গীৰ গাইৰ প্ৰসংগ। তোলপাৰ লাগি পৰিল সমগ্ৰ অসম। গৰুখুঁটি প্ৰকল্পলৈ অনা ৩০০শ গীৰ গাইৰ হেনো মাজবাটতে কিছুসংখ্যক নোহোৱা হ’ল। অৰ্থৎ চুৰি হ’ল। আঙুলি উঠিল চৰকাৰৰ বিয়াগোম মন্ত্ৰীৰ বিৰুদ্ধে গীৰ গাই চুৰি কৰাৰ। লগতে অভিযোগৰ উঠিল বিধায়ক- সাংসদৰ আৰু বহুজনৰ বিৰুদ্ধে। এইবোৰনো অন্দৰ মহলত কি ডাঙৰ ডাঙৰ কাণ্ড-কাৰখানা ঘটি আছে সেইবোৰৰ বিষয়ে জনাৰ কোনো অৱকাশেই নাছিল সাধাৰণ জনতাৰ। কিন্তু সাধাৰণ জনতায়ো জানিলে। পিছে খবৰটো বিয়পি পৰিল কেনেবাকে জনসাধাৰণৰ মাজত। চাৰিওফালে হুলস্থূল লাগিল। বিৰোধীয়ে চাৰিওফালে হাহাকাৰ লগালে। প্ৰতিবাদ, ধৰ্ণা আদিৰে কেইদিনমান অসমৰ আকাশ-বতাহ উত্তপ্ত হৈ পৰিল। অভিযোগৰ আঙুলি উঠা মন্ত্ৰীগৰাকীয়ে সংবাদ মেল পাতি চাফাই গোৱাৰ সময়তে আন এক সমস্যাই মন্ত্ৰীগৰাকীক যেন আকৌ মেৰাই ধৰিলে। তেওঁ এগৰাকী সাংবাদিকক ‘তলৰ শ্ৰেণী’ৰ সাংবাদিক বুলি তাচ্ছিল্য কৰিলে। ইয়াৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিলে সাংবাদিকসকলে। পিছত যেনিবা মন্ত্ৰীগৰাকীয়ে কথাটোৰ কাৰণে দুখ প্ৰকাশ কৰিলত বিষয়টো ইমানতে মিমাংসা হ’ল। আমাৰ ৰাজ্যখন অলপ সুস্থিৰ হৈছিলহে আকৌ আহি পৰিল চৰকাৰী ভূমিৰ পৰা দখলদাৰীসকলক উচ্ছেদৰ প্ৰসংগ। শদিয়াৰ পৰা ধুবুৰীলৈ পূৰ্ণগতিত চলিবলৈ ধৰিলে উচ্ছেদ অভিযান। চৰকাৰী মাটিত বাংলাদেশৰ পৰা অবৈধ প্ৰক্ৰিয়াৰে অসমত সোমাই বিভিন্ন ঠাইত থকা চৰকাৰী মাটিত বসবাস কৰি থাকিব সেয়া হ’ব নোৱাৰে। গতিকে হঠাতে সেইসকলক খেদিবলৈ লাগি গ’ল অসম চৰকাৰ। অবৈধভাৱে আহি অসমত কোনোবাই চৰকাৰী মাটি দখল কৰিব, সেইটো কেতিয়াও কোনেও মানি নলয়। গতিকে জনসাধাৰণেও পূৰ্ণ সমৰ্থন জনোৱা পৰিলক্ষিত হ’ল উচ্ছেদৰ ।

কিন্তু সমৰ্থন জনায়ো কওঁ যে যিসকলে সেই উচ্ছেদিত লোকসকলোতো মানুহেই। তেওঁলোকক হঠাতে এনেদৰে উচ্ছেদ চলোৱাৰ ফলত তেওঁলোক কেনে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে সেয়া নেদেখিলে বুজা টান। ইমান হুৰমূৰকৈ তেওঁলোকক উচ্ছেদৰ ব্যৱস্থা নকৰি কমেও অন্ততঃ ছমাহ সময় দি তেওঁলোকক আঁতৰি যোৱাৰ বাবে নিৰ্দেশ দিয়া হ’লেও ইমান হাহাকাৰ পৰিস্থিতি বা ইমান উত্তেজনাৰ পৰিৱেশ এটাৰ সৃষ্টি নহ’লহেঁতেন। যিহেতু সেইসকল লোক ইতিমধ্যে ২০/৩০ বছৰ ধৰি অবৈধভাৱে বাসবাস কৰি আছেই। আৰু ছমাহ তেওঁলোকক সময় দিলেনো কি ক্ষতিৰ সন্মুখীন হ’লহেঁতেন। আমি অসমীয়াসকল যিহেতু অতিথিপৰায়ণ, গতিকে আমাৰ বোধেৰে সেইসকলক কিছু হ’লেও মানৱীয়তাৰ দৃষ্টিৰে চাব পৰা নিশ্চয় হ’লহেঁতেন। তেতিয়া তেওঁলোকো শান্তিৰে আঁতৰি যাবলৈ সক্ষম হ’লহেঁতেন আৰু যিসকল ভাৰতীয় বুলি প্ৰমাণিত হয় তেওঁক য’ৰ পৰা আহিছে তালৈ শান্তিৰে গৈ তাত বসতি কৰিব পাৰিলেহেঁতেন। ই একপ্ৰকাৰ সুস্থ চিন্তাৰ বাহক হ’লহেঁতেন। আৰু ইয়াক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰিলেহেঁতেন। নহ’লে একাংশই ভাবিবলৈ বাধ্য হেছে যে চৰকাৰৰ কিছুমান কাম ঢাকি ৰখাৰ ইয়ো এক কৌশল। সঁচাকৈয়ে অসমত অবৈধ নাগৰিকৰ সমস্যাই জনসাধাৰণক বাৰুকৈয়ে জলা-কলা খুৱাই আহিছে ছবছৰীয়া আন্দোলনৰ সময়ৰ পৰাই। আজিলৈ কিন্তু কোনো এখন চৰকাৰে এই অবৈধ নাগৰিকৰ সমস্যাটোৰ সমান কৰিব নোৱাৰিলে। বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ আন্দোলনৰ গুৰি ধৰোতাসকলৰ নেতৃত্বতে অসমত দুবাৰকৈ চৰকাৰ গঠন হ’ল কিন্তু সমস্যাৰ সমাধান নহ’ল। আৰু আজিও অসমত এই অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো যে সমাধান নহয় সেয়া ৰাইজে ইতিমধ্যে খুব ভালদৰে বুজি পাইছে। বৰ্তমান এই বিদেশী বিতাড়নৰ সমসাটো হৈছে একাংশৰ বাবে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ এক ৰাজনৈতিক আহিলা। এই বিদেশী নাগৰিকৰ নেগুৰত ধৰিয়েই তেওঁলোকে নিৰ্বাচনত জিকি অহাৰ বাট সুগম কৰি লয়। নিৰ্বাচন আহিলেই বিদেশী সমস্যাই উক্‌ দিয়ে। এতিয়ালৈ অসমৰ পৰা কেইজন বিদেশী বিতাড়ন হ’ল কোনোবাই হিচাব এটা দিব পাৰিবনে ? নাই আমি হয়তো কোনেও নোৱাৰিম। বিদেশী সমস্যা হ’ল নিৰ্বাচনত সহজে জিকি অহাৰ এটা মূল ইছ্যু। গতিকে অবৈধ নাগৰিকসকলক চিনাক্ত কৰাটো ইমান সহজ নহয়। নহ’লে আজি সুদীৰ্ঘ কাল এই সমস্যাটো জীয়াই নাথাকিলহেঁতেন। আমি আৱেগিক। গতিকে উচ্ছেদ চলিছে আমি বাহ বাহ দিছো কিন্তু উচ্ছেদ কৰা লোকসকল গ’ল নে বাংলাদেশলৈ। এটাও দেখোন যোৱা নাই। সেই মানুহখিনিক বৰং কোনো কোনো ঠাইত সংস্থাপিতহে কৰিছে। গতিকে উচ্ছেদ হওক অসমৰ ৰাইজে পূৰ্ণ সমৰ্থন দিছে আৰু দি যাব। কিন্তু জনসাধাৰণৰ সমৰ্থনৰ সুযোগ যাতে কোনেও দুৰ্বলতা বুলি ভাবি কাকো আভুৱা-নাভাঁৰে। নহ’ল আকৌবা কোন দিশে গতি কৰে বিদেশী নাগৰিকৰ এই সমস্যাটোৱে।


এইবোৰৰ হিচাব-নিকাচ কৰি থাকোতেই অসমীয়াই এতিয়া পাহৰিয়েই পেলাইছে আন জ্বলন্ত সমস্যাসমূহৰ বিষয়ে। হয়তো পাহৰাই ৰাখিবলৈ ইয়ো এক কৌশল। আজি ঊৰ্ধবমুখী সামগ্ৰীৰ দামে ৰাইজক কোঙা কৰি পেলাইছে। তথাপি কাৰো কাণসাৰেই নাই। অসমত অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান বৰ্তমান দ্ৰুত হাৰত কমি আহিবলৈ আৰম্ভ কৰিছে। বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িহে গৈহে আছে কমা নায়। শিক্ষাৰ গুণগত মান বাঢ়িছে বুলিও ক’ব নোৱাৰি। কৃষি ভূমি দিনে দিনে পুঁজিপতি বণিয়াৰ হাতলৈ গৈ আছে। তাক বাধা দিবলৈ কোনো নাই। দুৰ্নীতি নিৰ্মূলৰ কথা কয়, কিন্তু কোনটো ক্ষেত্ৰত দুৰ্নীতি ৰোধ হৈছে বাৰু এতিয়ালৈ। আজি শিক্ষাৰ্থীক চাইকেল, স্কুটী, টকা দিছে। চৰকাৰৰ কথা হ’ল তেওঁলোক স্বাধীনচিতীয়া হৈ নিৰ্ভয়ে শিক্ষা গ্ৰহণ কৰি যোগ্য ব্যক্তি হৈ অসমৰ হকে ভাল কাম কৰক। কিন্তু পাৰিছেনে যোগ্য হৈ নিৰ্ভয়ে তেওঁলোক সমানে সমানে খোজ মিলাবলৈ। নাই পৰা। নহ’লেনো সৌ সিদিনা নিজৰ ঐকান্তিক যোগ্যতাৰ বলত লোক নিৰ্মাণ বিভাগত কনিষ্ঠ অভিযন্তাৰ দৰে পদত থাকিও কিন্তু নিজকে সুৰক্ষিত কৰি ৰাখিব নোৱাৰি আত্মহত্যাৰ দৰে চৰম পন্থা ল’বলৈ বাধ্য হৈ পৰিল এগৰাকী সম্ভাৱনাময় যুৱতী। এই দুৰ্ভগীয়া কনিষ্ঠ অভিযন্তাগৰাকীয়েই হ’ল যোশিতা দাস। এগৰাকী সৎ সাহসী আৰু নিজৰ যি গুৰু দায়িত্ব তাক সততাৰে পালন কৰিবলৈ সাহস কৰা ছোৱালীজনীয়েই আছিল যোশিতা। কিন্তু সততাৰে কাম কৰিবলৈ আগুৱাই অহা এই ছোৱালীজনীক কিন্তু বিভাগৰে একাংশই শান্তিৰে কাম কৰিবলৈ নিদিলে। তেওঁক ঠিকাৰ কাম সম্পূৰ্ণ নোহোৱাকৈ বিলৰ ধন মোকলাই দিবলৈ বাৰম্বাৰ হেঁচা দিয়াৰ পিছতো এইগৰাকী সৎ সাহসী অভিযন্তা যোশিতাই বিল পাছ কৰিবলৈ অপাৰগতা দেখুওৱাৰ বাবে সেই কু-চক্ৰটোৱে বাৰে বাৰে নানা ধৰণে মানসিক অশান্তি দিয়া ফলতেই তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। নিমিষতে হেৰাই গ’ল এগৰাকী সৎ সাহসী, কৰ্মোদ্যোগী যুৱ-প্ৰতিভা।

কেৱল এটা নিৰাপদ সংস্থাপনৰ আশাতেই সকলোৱে পঢ়া-শুনা নকৰে, ইয়াৰে বহুতে দেশ তথা সমাজক নিজৰ শ্ৰম আৰু মেধাৰ জৰিয়তে সেৱা আগবঢ়োৱাৰ বাবে প্ৰত্যাশাও কৰে। যোশিতা দাসেও নিশ্চিতভাৱেই সেই প্ৰত্যাশাকে লৈ কামত অগ্ৰসৰ হৈছিল। সেয়ে তেওঁ দুৰ্নীতিগ্ৰস্ত, লুণ্ঠন ব্যৱস্থাটোৰ হেঁচাতো সেওঁ মানিবলৈ বাধ্য নহ’ল। যোশিতাৰ মৃত্যুৱে দেখুৱাই দিলে দুৰ্নীতিৰে পোত খাই থকা আমাৰ চৰকাৰী ব্যৱস্থাটোৰ বিষয়ে। আচলতে যোশিতাই আত্মহত্যা কৰা নাই, যোশিতাক হত্যা কৰা হৈছে। তেওঁক হত্যা কৰিছে এই দুৰ্নীতিগ্ৰস্ত প্ৰশাসন ব্যৱস্থাটোৱে। দুৰ্নীতি-অনিয়মেৰে ভৰি থকা প্ৰশাসন যন্ত্ৰটোৰ জৰিয়তে ন্যায় পাবনে যোশিতা দাসে। এইবোৰ সমস্যা ভৰ কৌশলেৰে জনসাধাৰণৰ আঁতৰাই ৰখা হৈছে। যদি এনেদৰেই প্ৰশাসন ব্যৱস্থা চলি থাকিবলৈ হয় তেনেহ’লে ই হ’ব এক ভৱিষ্যতৰ বাবে ভয়াৱহ ইংগিত।


লেখকঃ ভূপেন মহন্ত

Related Articles