গুৱাহাটী, ১৭ ফেব্ৰুৱাৰীঃ Central Reserve Police Force (চি আৰ পি এফ)-ৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ ন-মাইলস্থিত গ্ৰুপ চেণ্টাৰত আজি এখন সংবাদ মেল অনুষ্ঠিত হয়। গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ পেৰেড আৰু বিস্তৃত কাৰ্যসূচীৰ সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰাৰ উদ্দেশ্যে এই সংবাদ মেল আয়োজন কৰা হয়।
প্ৰথমবাৰৰ বাবে অসমৰ Guwahatiত চি আৰ পি এফৰ বাৰ্ষিকী পেৰেড অনুষ্ঠিত হ’ব। ২০২৬ চনৰ ১৯ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত ডি জি পেৰেড অনুষ্ঠিত হ’ব, য’ত উপস্থিত থাকিব চি আৰ পি এফৰ সঞ্চালক প্ৰধান G. P. Singh। ইয়াৰ পিছতে ২১ ফেব্ৰুৱাৰীত মূল পেৰেড অনুষ্ঠিত হ’ব আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী Amit Shah।
দুদিনীয়া এই কাৰ্যসূচীত চি আৰ পি এফৰ বিভিন্ন শাখাৰ ৮টা কনটিঞ্জেন্টে অংশগ্ৰহণ কৰিব আৰু প্ৰায় ১৪০০ জোৱানে গ্ৰেণ্ড চেৰিমোনিয়াল মার্চ পাষ্টত ভাগ ল’ব। পেৰেডৰ পিছত ছটা বিশেষ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত জোৱানসকলে কঠিন পৰিস্থিতিত উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষ কৰি দেশ আৰু নাগৰিকক সুৰক্ষা প্ৰদান কৰাৰ কৌশল প্ৰদৰ্শন কৰিব।
উল্লেখযোগ্য যে, ১৯৩৯ চনত ‘ক্রাউন ৰিপ্ৰেজেন্টেটিভ পুলিচ’ হিচাপে গঢ় লৈ উঠা এই বাহিনী স্বাধীনতাৰ পিছত ১৯৪৯ চনত চি আৰ পি এফ হিচাপে পুনৰ নামাকৰণ কৰা হয়। ১৯৫৯ চনৰ হট স্প্ৰিংছৰ আত্মবলিদানৰ পৰা আৰম্ভ কৰি কাচৰ ৰণত চৰ্দাৰ পোষ্টৰ বীৰত্বগাঁথা আৰু ১৯৭১ চনৰ যুদ্ধত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি চি আৰ পি এফে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত এক সুদীৰ্ঘ ইতিহাস গঢ়ি তুলিছে।
পঞ্জাৱত উগ্ৰপন্থীতা দমন, উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহ নিয়ন্ত্ৰণ, ভাৰতীয় সংসদত আক্ৰমণৰ দৰে সন্ত্রাসবাদী ঘটনাত সঁহাৰি জনোৱাৰ উপৰি অযোধ্যা, মথুৰা, বাৰাণসী আৰু বৈষ্ণো দেৱীৰ দৰে স্পৰ্শকাতৰ স্থানত নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ ক্ষেত্ৰতো এই বাহিনীটোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। লগতে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানতো বাহিনীটোৱে সক্ৰিয় অংশগ্ৰহণ কৰিছে।
বৰ্তমানলৈকে কৰ্তব্যৰত অৱস্থাত ২,২৭০ জন জোৱানে সর্বোচ্চ ত্যাগ স্বীকাৰ কৰিছে আৰু ২,২৫৬টা বীৰত্ব পদক লাভ কৰিছে, যিয়ে বাহিনীটোৰ সাহস, নিষ্ঠা আৰু পেছাদাৰী উৎকর্ষতাক প্ৰতিফলিত কৰে।
চি আৰ পি এফে বাওঁপন্থী উগ্ৰবাদ নিৰ্মূলৰ ক্ষেত্ৰতো দৃঢ় সংকল্প প্ৰকাশ কৰি ২০২৬ চনৰ ভিতৰত নক্সালবাদ সম্পূৰ্ণৰূপে নির্মূল কৰাৰ লক্ষ্য স্থিৰ কৰিছে। অপাৰেশ্যন ব্লেক ফৰেষ্ট আৰু অপাৰেশ্যন মেগাবুৰুৰ দৰে অভিযানৰ জৰিয়তে উগ্ৰপন্থী নেটৱৰ্কসমূহক কঠোৰ আঘাত প্ৰদান কৰা হৈছে।
৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই পেৰেডৰ জৰিয়তে চি আৰ পি এফৰ গৌৰৱময় ইতিহাস, কাৰ্যকৰী দক্ষতা আৰু ৰাষ্ট্ৰৰ প্ৰতি অটল সমৰ্পণ পুনৰাই উদযাপন কৰা হ’ব। উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই বাৰ্ষিকী পেৰেড আয়োজনৰ জৰিয়তে অঞ্চলটোৰ সৈতে বাহিনীটোৰ গভীৰ সম্পৰ্ক আৰু শান্তি-স্থিতিশীলতাৰ প্ৰতি অঙ্গীকাৰো স্পষ্ট হৈ উঠিব।

