গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন

গুৱাহাটী মহানগৰীৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনাৰে আজি গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰে। গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস‍্যা সমাধানৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰুক্মিণী গাঁৱৰ পিবকো পইণ্টৰ পৰা জনতা ভৱনলৈ বানপানী প্ৰতিৰোধ ৱালৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। প্ৰকল্পটো উদ্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বাহিনী নদী খনন কৰি নদীখনৰ পানী বহন ক্ষমতা বৃদ্ধি কৰা হ’ব বুলি সদৰী কৰে। শিলসাঁকোৰ ৮০০ বিঘা ভূমিত খনন সম্পন্ন হ’লে গুৱাহাটীবাসীয়ে সকাহ পাব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। খনন কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতেই বানপানী সমস্যা অৱসান ঘটিব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ২৫ কোটি ব্যয়েৰে বাহিনীৰ পানী প্ৰতিৰোধেৰে নিৰ্মাণ হ’ব এই ৱাল। উক্ত অনুষ্ঠানত উপস্থিত থাকে মেয়ৰ মৃগেন শৰণীয়া, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক অতুল বৰা, GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু উপাধ্যক্ষ ধীৰা তালুকদাৰ। ইয়াৰ পাছতেই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নৱনিৰ্মিত বেলতলা দৈনিক বজাৰৰ গৃহ উদ্বোধন কৰে।

১১ কোটি ৫০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা বেলতলাৰ অত্যাধুনিক বজাৰ গৃহত আছে মুঠ ৩৮০খন বিপণী। বজাৰ গৃহৰ ভিতৰত GMCৰ কাৰ্যালয়ৰ লগতে থাকিব এটি সমূহীয়া প্ৰেক্ষাগৃহ। অত্যাধুনিক বজাৰ গৃহটোত অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ বাবে দোকান সংৰক্ষণ হ’ব। বেলতলা বজাৰ গৃহৰ মুকলিৰ পাছতেই নিৰ্মীয়মাণ অৱস্থাত থকা গণেশগুৰি বজাৰখনো ৰাইজৰ বাবে শীঘ্ৰে মুকলি কৰা হ’ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উল্লেখ কৰে। একেটা দিনতে ঘোঁৰামৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ মূখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ পুলক গোহাঁই, উপাধ্যক্ষ সুভাষ দত্তকে ধৰি কেইবাগৰাকী চৰকাৰী বিষয়া। ইয়াৰ পাছতেই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মিত নগৰীয়া বন উদ্যানৰ আধাৰশিলা স্থাপন কৰে। দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ডৰ কাষতে শিলসাকো বিলৰ সাৰুৱা মাটিৰে প্ৰায় ৪০ হাজাৰ বৰ্গমিটাৰ ভূমিত নিৰ্মাণ কৰি উলিওৱা হ’ব নগৰীয়া বন উদ্যানখন।

বন উদ্যানখনত মিয়াৱাকি পদ্ধতিৰে ৰোপণ কৰা হ’ব থলুৱা গছ। ইয়াৰ লগতে বৰাগাঁৱত বৰষুণৰ পানী নিষ্কাষণৰ নলা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। একেটা দিনতে মন্ত্ৰীগৰাকীয়ে আমিনগাঁওস্থিত বিশ্ব মহাবীৰ চিলাৰায় উদ্যানৰো পুন:নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰী বৰুৱাই আধাৰশিলা স্থাপন কৰি আমিনগাঁৱৰ বিশ্ব মহাবীৰ চিলাৰায় উদ্যান আগন্তুক দিনত কোচ বংশৰ ৰাজহাউলি সদৃশ নিৰ্মাণ কৰাৰ লগতে কমতাপুৰৰ আৰ্হিৰ সুন্দৰকৈ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। মুঠ ৪ কোটি ৮২ লাখ ৫১ হাজাৰ ১৯৬ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হব উদ্যানখন। ইয়াৰ লগতে, জালুকবাৰী বীৰ লাচিত উদ্যানৰ পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। একেদৰে, ভৰলুমুখৰ ব্লু গ্ৰীণ ইনফ্ৰাছট্ৰাক্সাৰ ডেভলপমেণ্টৰো আধাৰশিলা স্থাপন কৰাৰ লগতে জি এছ টি ভৱনৰ কাষতে বিষ্ণুৰাভা শিশু উদ্যানৰ শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

ইয়াৰ লগতে আজিৰ দিনটোতে মন্ত্ৰীগৰাকীয়ে শৰাইঘাট ৰণস্মৃতি সৌধ আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্টৰ তৃতীয় পৰ্যায়ৰ নিৰ্মাণকাৰ্যও পৰিদৰ্শন কৰে। ইয়াৰ লগতে নৱ-নিৰ্মিত উত্তৰ গুৱাহাটী-দক্ষিণ গুৱাহাটী দলঙৰ দক্ষিণফালৰ সংযোগস্থলত নীল সেউজ আন্তঃগাঁথনিৰ উন্নয়ন আৰু সৌন্দৰ্য্য আচনিৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মুঠ ৩৩ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্প এবছৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

Related Articles