গুৱাহাটী মহানগৰত জনপ্ৰিয় বাইক ৰাইডাৰৰ বাইক চুৰি, তদন্তত আৰক্ষী। BIKE THEFT IN GUWAHATI

৬ মাৰ্চ, ২০২৫: BIKE THEFT IN GUWAHATI । পুনৰ এবাৰ মহানগৰীত বাইক চুৰিৰ ঘটনা! দেশজুৰি প্ৰায় ৩০ হাজাৰ কিলোমিটাৰ ভ্ৰমণ কৰি গুৱাহাটী উপস্থিত হোৱা জনপ্ৰিয় মহিলা বাইক ৰাইডাৰগৰাকীৰ বাইক চুৰি হোৱাৰ খবৰে চাঞ্চল্য সৃষ্টি কৰিছে।

মঙলবাৰে নিশা মহানগৰীৰ সৰুসজাইস্থিত মণিকাঞ্চন উপ-পথৰ কালী মন্দিৰ ৰোডত থকা মেডী গেষ্ট হাউচৰ পৰা ননী নামৰ মহিলা বাইক ৰাইডাৰৰ বাইকখন চুৰি হয়। চোৰে নিশা ২ বজাত কোনো ধৰণৰ সন্দেহৰ সৃষ্টি নকৰাকৈ বাইকখন লৈ উধাও হয়। ঘটনাৰ পিছতেই বুধবাৰে পুৱাই বশিষ্ঠ থানাত অভিযোগ দাখিল কৰা হয় যদিও, এতিয়ালৈকে বাইকখনৰ কোনো সন্ধান পোৱা হোৱা নাই।

এই সম্পৰ্কে ননী ৰাইডাৰগৰাকীয়ে সামাজিক মাধ্যমত এক ভিডিঅ’ প্রকাশ কৰি সহায় বিচাৰিছে আৰু অসম আৰক্ষী তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে।

বাইক চুৰিৰ ঘটনাত তদন্ত আৰম্ভ, নতুন তথ্য পোহৰলৈ
গুৱাহাটী পূব আৰক্ষী জিলাৰ ডেপুটি কমিশনাৰে সদৰী মতে, বশিষ্ঠ থানাত অভিযোগ দাখিল হোৱাৰ পিছতেই তদন্ত আৰম্ভ হৈছে। লগতে, আৰক্ষীয়ে জনাইছে যে উক্ত বাইকখনৰ প্ৰকৃত মালিক মহীশ কুমাৰ নামৰ এজন যুৱক। ননী বাইকগৰাকীৰ লগত যাত্ৰা কৰিছিল, কিন্তু গাড়ীখন তেওঁৰ নামত পঞ্জীয়ন হোৱা নাই।

নাৰী সবলীকৰণৰ লক্ষ্যেৰে দেশভ্ৰমণ, কিন্তু গুৱাহাটীত আহি বিপদত
ননী নামৰ মহিলা বাইক ৰাইডাৰগৰাকীয়ে নাৰী সবলীকৰণ আৰু বাইক ৰাইডিঙৰ প্ৰচাৰৰ উদ্দেশ্যে বিগত পাঁচ মাহত বিভিন্ন ৰাজ্য ঘূৰি ফুৰি গুৱাহাটীত উপস্থিত হৈছিল। কিন্তু, মহানগৰীত অহাৰ লগে লগেই এনে অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হোৱাত তেওঁ দুঃখ প্ৰকাশ কৰিছে।

তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “মই ভাৰতৰ বিভিন্ন ৰাজ্যত ৩০ হাজাৰ কিমি ৰাইড কৰিছোঁ, কিন্তু অসমত আহিয়েই গুৱাহাটীত মোৰ বাইক চুৰি হ’ল। এতিয়া বাইকখন নাথাকিলে মোৰ উত্তৰ-পূৰ্বাঞ্চল ঘূৰি চোৱাৰ পৰিকল্পনা ভণ্ডুল হৈ যাব।”

তদন্ত অব্যাহত আছে আৰু আৰক্ষী দ্ৰুততম সময়ৰ ভিতৰত চোৰক আটক কৰি বাইক উদ্ধাৰৰ আশ্বাস দিছে।

Related Articles