২৯ জানুৱাৰী, ২০২৫ঃ Golakganj । ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীয়ে চোৰাং গো-সৰবৰাহ আৰু অবৈধ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই তিনিটা চোৰাং গৰু, ১৩ টাকৈ নিচাজাতীয় কফ চিৰাফৰ বতল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানত দুজন সৰবৰাহকাৰীকো আটক কৰা হয়।
গোপন সূত্ৰৰ আধাৰত আজি নিশাৰ ভাগত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে উত্তৰ ৰায়পুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মান ফ্লাই অভাৰৰ তলত অভিযান চলায়।
অভিযানত পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা গৌৰীপুৰ অভিমুখী AS 07 K 7670 নম্বৰৰ টাটা ইণ্ডিকা গাড়ী এখন আৰক্ষীয়ে আটক কৰে। গাড়ীখনৰ পৰা তিনিটা চোৰাং গৰু আৰু ১৩ টাকৈ কফ চিৰাফ উদ্ধাৰ কৰা হয়।
আটকাধীন সৰবৰাহকাৰী দুজন ক্ৰমে গৌৰীপুৰৰ মধুশৌলমাৰী প্রথম খণ্ডৰ ছাকিনুৰ ৰহমান আৰু মালাতী খামাৰৰ আব্দুল মান্নান বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ইতিমধ্যে আটকাধীন ব্যক্তিসকলক থানালৈ আনি চোৰাং গৰু আৰু ড্ৰাগছ সৰবৰাহৰ সম্পৰ্কত অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত আছে। গোলকগঞ্জ আৰক্ষীৰ এই সফল অভিযান স্থানীয় লোকসকলৰ পৰা প্রশংসা লাভ কৰিছে।

