
১০০ৰো অধিক কংগ্ৰেছ কৰ্মীৰ কংগ্ৰেছ ত্যাগ
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নীতি আদৰ্শৰ লগত গৌৰৱ গগৈৰ নীতি আদৰ্শৰ একো মিল নাই বুলিও অভিযোগ

বিশ্বনাথত কংগ্ৰেছ দলত খহনীয়া। গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত হোৱা পাকিস্তান সংযোগ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আজি ১০০ৰো অধিক জ্যেষ্ঠ আৰু সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে দলৰ পৰা পদত্যাগ কৰে। প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছ নেতা ড° সঞ্জু বৰুৱাৰ সৈতে একাত্মতা প্ৰকাশ কৰি আন কেইগৰাকীও কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰাৰ সিদ্ধান্ত লয়। পদত্যাগ কৰা কৰ্মীসকলে অভিযোগ কৰে যে দলটোৰ ভৱিষ্যৎ আৰু নেতৃত্ব সম্পৰ্কে তেওঁলোকৰ আস্থা হ্ৰাস পাইছে। বৰ্তমানৰ কংগ্ৰেছত দৃঢ় নেতৃত্বৰ অভাৱ স্পষ্ট হৈছে আৰু অতীতৰ আদৰ্শ-নীতিৰ সৈতে বৰ্তমানৰ কাৰ্যকলাপৰ মিল দেখা নাযায়। তেওঁলোকে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নীতি-আদৰ্শৰ সৈতে বৰ্তমানৰ নেতৃত্বৰ তুলনা কৰি গুৰুত্বপূৰ্ণ বিচ্যুতিৰ অভিযোগ তোলে। বিশেষকৈ, গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত হোৱা পাকিস্তান সংযোগ অভিযোগ সন্দৰ্ভত এতিয়ালৈকে স্পষ্ট ব্যাখ্যা পোৱা নাই বুলিও অভিযোগ কৰে কংগ্ৰেছ কৰ্মীসকলে। এই পদত্যাগে বিশ্বনাথ সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভিত্তিত প্ৰভাৱ পেলাব পাৰে। আগন্তুক নিৰ্বাচনী ৰাজনীতিত ইয়াৰ প্ৰতিফলন কিদৰে দেখা যায় সেয়া সময়েহে স্পষ্ট হ’ব।


