কংগ্ৰেছৰ নেতা পৱন খেড়াৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ পত্নীৰ তিনিখনকৈ পাছপ’ৰ্ট আৰু বিদেশত বিশাল বিনিয়োগ থকা বুলি খেড়াই কৰা অভিযোগক বাৰে বাৰে অস্বীকাৰ কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
ইয়াৰ মাজতে কংগ্ৰেছ নেতা পৱন খেড়াই দেখুওৱা পাছপ’ৰ্টৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ইজিপ্ত আৰু ডুবাইৰ কতৃৰ্পক্ষই পাছপ’ৰ্টৰ কথা অস্বীকাৰ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘ইজিপ্ত, ডুবাইৰ কতৃৰ্পক্ষই সকলো অভিযোগ অস্বীকাৰ কৰিছে৷ কংগ্ৰেছ নেতাই দেখুওৱা পাছপ’ৰ্ট তিনিখন সেই দেশৰ নহয় বুলি উল্লেখ কৰিছে৷’ তেওঁ লগতে কয়, ‘অসমত থাকি সেইদিনা গ্ৰেপ্তাৰ কৰিবলৈ সাহস আছে নেকি বুলি খেড়াই কৈছিল৷
কিন্তু ইয়াৰ পৰা তেওঁ পলাল৷ দুদিনৰ আগলৈকে কৈ আছিল মোক গ্ৰেপ্তাৰ কৰিবলৈ সাহস আছে যদি গ্ৰেপ্তাৰ কৰিবলৈ৷ কিন্তু সেই সাহস দেখুওৱা নেতা পলাল৷’ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে দিয়া এজাহাৰৰ ভিত্তিত অসম আৰক্ষীৰ এটা দলে নতুন দিল্লীত থকা খেড়াৰ ঘৰত গৈ উপস্থিত হয়৷ জানিব পৰা মতে অসম আৰক্ষীৰ দলটোৱে খেড়াক আটক কৰি জেৰা চলোৱাৰ লক্ষ্যৰে তেওঁৰ ঘৰত উপস্থিত হৈছে৷

