
গড়মূৰত তৰুণ চন্দ্ৰ পামেগামৰ ৩৮ সংখ্যক মৃত্যুবাৰ্ষিকী : প্ৰতিমূৰ্তি উন্মোচন :
“বিপ্লৱী ধৰ্মগুৰু পীতাম্বৰ দেৱগোস্বামী আৰু প্ৰাক্তন বিধায়ক কাৰ্ক চন্দ্ৰ দলেৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব”-পৰমানন্দ চায়েঙীয়া :
“প্ৰয়াত তৰুণ চন্দ্ৰ পামেগাম অসমৰ দ্বিতীয় গৰাকী বিষ্ণু ৰাভা”- ড°ডম্বৰধৰ নাথ
সমাজ সংস্কাৰক, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু গঢ়োঁতা গড়মূৰীয় সত্ৰাধিকাৰ প্ৰয়াত পীতাম্বৰ দেৱগোস্বামী আৰু মাজুলীৰ প্ৰথম গৰাকী বিধায়ক কাৰ্ক চন্দ্ৰ দলেৰ প্ৰতিমূৰ্তি মাজুলীত স্থাপন কৰা হ’ব ৷ দুয়োগৰাকী মহান ব্যক্তিৰ প্ৰতিমূৰ্তি গেজেৰাত হ’বলগীয়া মিচিং বানে কেবাঙৰ শতবৰ্ষ অনুষ্ঠানত প্ৰতিষ্ঠা কৰা হ’ব ৷” অসম সাহিত্য সভাৰ উপ-সভাপতি, গল্পকাৰ, নাট্যকাৰ, সমাজ সংগঠক, শিক্ষাবিদ, সমাজৰ পথ প্ৰদৰ্শক, স্বাধীনতা সংগ্ৰামী প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্তি উন্মোচক আৰু সেই উপলক্ষে আয়োজিত স্মৃতিচাৰণ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই ঘোষণা কৰে মিচিং স্বায়ত্ত্ব-শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই। তেখেতে বিৰল ব্যক্তিত্বৰ অধিকাৰী তৰুণ চন্দ্ৰ পামেগামৰ নামত এটা ন্যাস গঠনৰো পোষকতা কৰে ৷ যাৰ কাৰ্যসূচীৰ জৰিয়তে সমন্বয়ৰ প্ৰতিভূ পামেগামৰ বিষয়ে সমাজত প্ৰচাৰ হ’ব আৰু নৱপ্ৰজন্মই তেখেতৰ কৰ্মৰাজীৰ বিষয়ে জ্ঞাত হ’ব ৷ ভাষণ প্ৰসংগত তেওঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নাম মহান ব্যক্তি গৰাকীৰ নামত নামকৰণ কৰিব লাগে বুলি সভাত প্ৰস্তাৱ আগবঢ়াই আৰু এইক্ষেত্ৰত চৰকাৰৰ লগতো যোগাযোগ কৰিব বুলি সভাত জানিবলৈ দিয়ে ৷ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতি দিৱস উদ্যাপন উপলক্ষে গড়মূৰ বংশীগোপাল নাট্য মন্দিৰত উদ্যাপন সমিতিৰ সভাপতি ড° নৱকুমাৰ গামৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত ঔৱা সত্ৰৰ সত্ৰাধিকাৰ শৰৎ চন্দ্ৰ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে সভা উদ্ধোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথে ৷ তেওঁ ভাষণত বহু গুণসম্পন্ন তৰুণ চন্দ্ৰ পামেগামে সংস্কৃতিৰ কৰ্ষণ আৰু সংৰক্ষণত গুৰুত্ব দিছিল বুলি কৈ পামেগামক অসমৰ দ্বিতীয় গৰাকী বিষ্ণু ৰাভা ৰূপে অভিহিত কৰে।
সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই পামেগামৰ নাট, সাহিত্যৰাজিৰ বিষয়ে আজিৰ প্ৰজন্মই জনাতো দৰকাৰ বুলি উল্লেখ কৰি সাহিত্য সভাই তেখেতৰ লিখনি প্ৰকাশৰ ব্যৱস্থা কৰা বিষয়ে সভাত অৱগত কৰে ৷ তেওঁ গুগলৰ জৰিয়তেও তেখেতৰ কৰ্মৰাজী প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব আৰোপ কৰে ৷ সান্নিধ্যৰ সোঁৱৰণত গড়মূৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰুণ বৰাই গড়মূৰ সত্ৰৰ স্বাধীনতা সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ সংগী ৰূপে সমগ্ৰ মাজুলীতে সমাজ সংস্কাৰকে ধৰি শিক্ষাৰ প্ৰসাৰ, সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰা, প্ৰধান শিক্ষক আৰু পিছত একেখন বিদ্যালয়তে সহকৰ্মী হিচাপে পোৱা পামেগামৰ লগত সান্নিধ্যৰ বিষয়ে বিস্তৃত ভাৱে কয় ৷ সভাত পদ্মশ্ৰী সূৰ্য হাজৰিকাই বক্তব্য প্ৰদান কৰি প্ৰয়াত পামেগামৰ কৰ্মৰাজিৰ সোঁৱৰে ৷ প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামে লিখা এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাত আদৰণি ভাষণ আগবঢ়াই স্মৃতি দিৱস উদ্যাপন সমিতিৰ সভাপতি ড° নৱ কুমাৰ গামে ৷ সভাত অনাতাঁৰ শিল্পী অমিয় চিৰাঙৰ- আনুনিঃতম, পাৰুল বৰা মিলিৰ কবিতা আবৃত্তি, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াৰ তৰুণ চন্দ্ৰ পামেগামৰ লিখা কবিতা পাঠ, ৰুণমনি শইকীয়াৰ নেতৃত্বত সমবেত বৰগীতে সকলোকে আপ্লুত কৰে ৷ সভাত ঔৱা সত্ৰৰ সত্ৰাধিকাৰ শৰৎ চন্দ্ৰ গোস্বামী, কৃষ্ণ গোস্বামী, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে পুৰুষোত্তম দলে, উমা পাঠৰী, পৰিষদৰ সাধাৰণ সদস্য ক্ৰমে নীল দলে, ত্ৰৈলোক্য পামেগাম, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞা, পদ্মশ্ৰী সূৰ্য ভূঞা, অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্জালক ডা° নীলকান্ত পেগু, গণশক্তি দলৰ মাজুলী জিলা সভাপতি ৰঞ্জিত কুমাৰ দলে, মিচিং বানে কেবাংৰ সম্পাদক প্ৰভাত মিলি, জিলা বিজেপিৰ সভাপতি, সম্পাদক ক্ৰমে বীৰেন শইকীয়া আৰু নৃপেন কমান, মাজুলী জিলা বানে কেবাংৰ সভাপতি আনন্দ নৰহ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰামসাগৰ নাথ, ট্ৰাইবেল সংঘৰ সভাপতি অনিল পামেগাম, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীদ্বয় মিনতি শইকীয়া, ৰেণুমালা দত্ত, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দীপক গোস্বামী, মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ বিনোদ দাউ, ড° অনিল পেগু, বিপিন গাম, সাহিত্য সভাৰ প্ৰফুল্ল বৰুৱা, জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগন, গড়মূৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী স্বপ্না কাকতি, ৰাজীৱ পেগু, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমল বৰা, মণি শইকীয়া, ৰেখা দলে, জিলা পৰিষদৰ সদস্য দেৱজিৎ পাটিৰ প্ৰমুখ্যে বহু সংখ্যক গণ্যমান্য ব্যক্তি, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷ গড়মূৰ পীতাম্বৰ দেৱগোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘনকান্ত নাথে আঁত ধৰা সভাত স্মৃতি দিৱস উপলক্ষে আয়োজন কৰা ৰচনা প্ৰতিযোগিতাত প্ৰথম-ৰিমঝিম কোঁছ, দ্বিতীয়-চিৰজ্যোতি পামেগাম, তৃতীয়-উদেশ্বৰ মিলি, বিচাৰকৰ বিশেষ বঁটা আশাপ্ৰিয়া কলিতা আৰু আলোকচিত্ৰ অংকন প্ৰতিযোগিতাত প্ৰথম-দিব্যজ্যোতি গাম, দ্বিতীয়-অসীম পায়েং, তৃতীয়-নৱজিত পামেগাম আৰু বিচাৰকৰ বিশেষ বঁটা- ৰমেন পায়েঙক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীয়ে পুৰস্কাৰ বিতৰণ কৰে ৷ ইয়াৰ পূৰ্বে প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামে প্ৰধান শিক্ষকতা কৰা গড়মূৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত বিদ্যালয়ৰ অধ্যক্ষ কুমুদ গোস্বামীয়ে এটি গছপুলি ৰোপণ কৰি স্মৃতি দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰাৰ্থনা ৷
তাৰ পিছতে আয়তীৰ উৰুলি আৰু ডবা-শংখ ধ্বনিৰ মাজত প্ৰয়াত তৰুণ চন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি মূৰ্তি উন্মোচনৰ লগতে ফলক উন্মোচন কৰে মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সমস্য পৰমানন্দ চায়েঙীয়াই ৷ তাৰ পিছতে শোভাযাত্ৰা উদ্ধোধন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ প্ৰতিমূৰ্তি উন্মোচন স্থলীত উপস্থিত সকলোৱে শোভাযাত্ৰা কৰি গড়মূৰ বংশীগোপাল নাট্য মন্দিৰলৈ যায় আৰু সভাত অংশগ্ৰহণ কৰে ৷ সন্ধ্যা ৬ বজাত বন্তি প্ৰজ্বলন কৰে স্মৃতি দিৱস উদ্যাপন সমিতিৰ উপ-সভাপতি ভূপেন দত্তই ৷ সন্ধ্যা ৬-৩০ বজাত বংশীগোপাল নাট্য মন্দিৰত “তৰুণ চন্দ্ৰ পামেগামৰ সোঁৱৰণিত গীতে-মাতে এসন্ধ্যা” উদ্ধোধন কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডা° নীলকান্ত পেগুৱে ৷ অনুষ্ঠানত প্ৰয়াত শিল্পী গৰাকীৰ গীত, নাটকৰ সংলাপ, কবিতা আবৃত্তি আদি প্ৰদৰ্শন কৰা হয় ৷

