ঘৰতে অজ্ঞান হৈ ঢলি পৰিল ‘ৰাজা বাবু’; চিকিৎসকৰ নিৰীক্ষণত অভিনেতা গোবিন্দা । Govinda

Govinda । ঘৰতে অজ্ঞান হৈ ঢলি পৰিল ‘ৰাজা বাবু’; চিকিৎসকৰ নিৰীক্ষণত অভিনেতা গোবিন্দা

বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা (৬১) আজি পুৱা নিজা বাসগৃহতেই আচমকা অজ্ঞান হৈ পৰে। পৰিস্থিতি গম্ভীৰ হৈ পৰাত তেওঁক ততাতৈয়াকৈ মুম্বাইৰ জুহুৰ ক্ৰিটিকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান অভিনেতাগৰাকীৰ স্বাস্থ্য অৱস্থা চিকিৎসকৰ পৰ্যবেক্ষণত আছে।

গোবিন্দাৰ বন্ধু তথা আইনী উপদেষ্টা ললিত বিন্দলে এই খবৰ নিশ্চিত কৰি কয়, “গোবিন্দাজন প্ৰথমে চিকিৎসকৰ পৰামৰ্শত ঘৰতে ঔষধ গ্ৰহণ কৰিছিল, কিন্তু অৱস্থা স্থিৰ নোহোৱাত প্ৰায় ১ বজাত তেওঁক জৰুৰীকালীনভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়।”

তেওঁ আৰু কয়, “নিজা ঘৰত অচেতন হৈ পৰাৰ পাছতে পৰিয়ালৰ সদস্যসকলে অভিনেতাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান তেওঁ চিকিৎসকৰ তত্ত্বাবধানত স্থিৰ অৱস্থাত আছে।”

লক্ষ্যণীয় যে কেবল এদিন আগতে গোবিন্দাই ব্ৰীচ কেণ্ডি হাস্পতাললৈ গৈ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক সাক্ষাৎ কৰিছিল। তাৰ পিছতেই তেওঁৰ অসুস্থতাৰ খবৰ আগবঢ়ে। সামাজিক মাধ্যমত ইতিমধ্যে প্ৰচাৰ পোৱা এখন ভিডিঅ’ত ‘ৰাজা বাবু’ অভিনেতাগৰাকীক ম্লান মুখে চিকিৎসালয়ৰ পৰা ওলাই আহি থকা দেখা গৈছে।

ইয়াৰ আগতে এই বছৰেই দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’ল গোবিন্দা। বিগত বছৰৰ অক্টোবৰ মাহত, ভুলবশতঃ বন্দুকৰ গুলীত ভৰি এখনত আঘাত পাই তেওঁ একেখন হাস্পতালতে ভৰ্তি হৈছিল। তেতিয়া আই চি ইউত অস্ত্ৰোপচাৰ কৰি সফলভাৱে গুলীটো আঁতৰাই দিয়া হৈছিল।

সেই সময়ত অভিনেতাগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে কথা পাতি কৈছিল,
“মই কলকাতালৈ এটা শ্ব’লৈ যাবলৈ সাজু হৈছিলো। ৰাতিপুৱা প্ৰায় ৫ বাজিছিল, বন্দুকটো পৰি যায় আৰু গুলী লাগে। তললৈ চাওঁতেই তেজ দেখা পালোঁ। তাৰ পিছত ভিডিঅ’ বনাই ডাক্তৰৰ সৈতে কথা পাতি ভৰ্তি হ’লোঁ।”

বৰ্তমান চিকিৎসালয়ৰ সূত্ৰই জানাইছে যে অভিনেতাজনৰ অৱস্থা স্থিৰ, যদিও পৰিপূৰ্ণ সুস্থতা আহিবলৈ কিছুমান দিন সময় লাগিব। গোবিন্দাৰ অনুৰাগীসকলে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰি সামাজিক মাধ্যমত শুভকামনা জনাইছে।

Related Articles