ডিমৰীয়াৰ ক্ষেত্ৰীত চাঞ্চল্যকৰ ঘটনা। দিন-দুপৰতে একাদশ শ্ৰেণীৰ ছাত্ৰক নৃশংস হত্যা দুৰ্বৃত্তৰ। স্বাস্থ্য বিভাগত কৰ্মৰত পিতৃৰ কোৱাৰ্টাৰতে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। ক্ষেত্ৰী আৰক্ষী থানাৰ নাকৰ তলিতেই সংঘটিত এই ঘটনাই উদঙাইছে আৰক্ষীৰ প্ৰকৃত স্বৰূপ।
পিতৃ মনোজ শৰ্মা ক্ষেত্ৰী তিনিআলিত থকা ৰাজ্যিক চিকিৎসালয়ত কম্পাউণ্ডাৰ হিচাপে কৰ্মৰত।চিকিৎসালয় চৌহদতে থকা আৱাসতে সংঘটিত হয় এই শিহৰণকাৰী ঘটনা।দেওবাৰ হোৱা বাবে পিতৃ-মাতৃয়ে সৰু পুত্ৰক সংগীত বিদ্যালয়লৈ লৈ যোৱাত ঘটনাৰ সময়ত অকলে আছিল হত্যাকাণ্ডৰ বলি হোৱা ১৭ বৰ্ষীয় গাণ্ডিপ লাহন শৰ্মা।
পিতৃ-মাতৃয়ে আহি হাত-ভৰি বন্ধা অৱস্থাত নিজৰ আৱাসতে উদ্ধাৰ কৰে পুত্ৰৰ নিথৰ দেহ।পৰৱৰ্তী পৰ্যায়ত ছাত্ৰজনক আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে সোণাপুৰ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰজনক।কোনে কি কাৰণত এই নৃশংস ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছেএই ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাই শোকৰ ছাঁ।

