চলন্ত গাড়ীত বিস্ফোৰণ ঘটাই প্ৰেমিকাক হ*ত্যা কৰাৰ চেষ্টা, বিস্ফোৰণত প্ৰেমিকৰেই মৃ*ত্যু

চলন্ত গাড়ীত বিস্ফোৰণ ঘটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা৷ কৰ্ণাটকৰ টুমাকুৰু জিলাত দেওবাৰে পুৱা সংঘটিত হোৱা এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চলন্ত গাড়ীৰ ভিতৰত হোৱা এই বিস্ফোৰণত এজন যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে এগৰাকী যুৱতীয়ে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, দেওবাৰে পুৱা প্ৰায় জ্জ বজাত ৪৮নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীখন চলি থকাৰ সময়তে হঠাৎ বিস্ফোৰণ সংঘটিত হয়৷ বিস্ফোৰণৰ কেইটামান মুহূৰ্ত পূৰ্বে গাড়ীৰ ভিতৰত থকা যুৱতীগৰাকীয়ে বিপদৰ আভাস পাই গাড়ীৰ পৰা জঁপিয়াই নামি যায় আৰু এইদৰে নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰে৷ মুহূৰ্ততে গাড়ীখন জ্বলি উঠি সম্পূৰ্ণৰূপে ধবংস হয়৷

এই ঘটনাত গাড়ীৰ ভিতৰত থকা নাগেন্দ্ৰ [৩০] নামৰ এজন যুৱকৰ থিতাতে মৃত্যু হয়৷ গাড়ীৰ চালক প্ৰবীণ গুৰুতৰভাৱে আহত হয় আৰু তেওঁক তৎক্ষণাৎ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি এই ঘটনা সাধাৰণ দুৰ্ঘটনা নহয়, বৰঞ্চ পৰিকল্পিত আত্মঘাতী আক্ৰমণৰ অংশ হোৱাৰ সম্ভাৱনা আছে৷ আহত যুৱতীগৰাকীৰ নাম ৰম্যা বুলি জানিব পৰা গৈছে৷ তেওঁ আৰু মৃত নাগেন্দ্ৰ দুয়ো উত্তৰ কানাড়া জিলাৰ অংকোলা অঞ্চলৰ বাসিন্দা আৰু দুয়োৰে মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল৷ কিন্তু বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছত নাগেন্দ্ৰই ক্ষুব্ধ হৈ এই ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷

জানিব পৰা মতে নাগেন্দ্ৰই বলপূৰ্বকভাৱে বেংগালুৰুৰ জয়নগৰ অঞ্চলৰ এটা পেয়িং গেষ্ট আৱাসৰ পৰা ৰম্যাক লৈ যায়৷ এই দৃশ্য দেখি ৰম্যাৰ এগৰাকী বন্ধুৱে আৰক্ষীৰ ওচৰত অপহৰণৰ অভিযোগ দাখিল কৰিছিল৷ তাৰ পিছতে দুয়ো গাড়ীত উঠি ৪৮নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আংকোলা অভিমুখে ৰাওনা হয়৷ আৰক্ষীৰ মতে, নাগেন্দ্ৰই গাড়ীৰ ভিতৰত বোমা লৈ উঠিছিল আৰু সেই বোমাটোৰেই বিস্ফোৰণ সংঘটিত হয়৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে আন এটা নুফুটা বোমাও উদ্ধাৰ কৰিছে৷ যাৰ ফলত ঘটনাটোৰ গম্ভীৰতা অধিক বৃদ্ধি পাইছে৷ টুমাকুৰু জিলাৰ আৰক্ষী অধীক্ষক অশোক কে ভিয়ে জনোৱা মতে, অভিযুক্তই কেনেকৈ বোমাটো সংগ্ৰহ কৰিছিল আৰু ঘটনাটো সম্পূৰ্ণৰূপে পূৰ্বপৰিকল্পিত আছিল নেকি সেই বিষয়ে বিস্তৃত তদন্ত চলি আছে৷ বেংগালুৰুৰ সিদ্ধপুৰা থানা আৰু টুমাকুৰুৰ কল্লামবেলা থানাৰ আৰক্ষীয়ে যৌথভাৱে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷ আহত ৰম্যা বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে৷

Related Articles