চাপৰৰ টিলা পাৰা গাও পঞ্চায়তৰ অন্তৰ্গত টোকৰা বান্ধা গাওঁৰ আত্ম সহায়ক গোটৰ দৰিদ্ৰ মহিলা সকলক ১০০০০ টকাৰ চে’ক দিয়াৰ নামত প্ৰতিজন মহিলাৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰিলে দালাল মদন দাসে।
প্ৰায় ১১৫জনৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰিছে এই দালাল মদন দাসে।

পিছত ৫০০ টকাকৈ লোৱা মহিলা সকলে নাপালে ১০,০০০ টকাৰ চেক।
তাৰ পিছত দৰিদ্ৰ মহিলা সকলে প্ৰতাৰক,দালাল মদন দাসক লগ কৰি মহিলা সকলে দিয়া ৫০০শ টকাটো ঘুৰাই বিচৰাত খঙত ক্ষুব্ধ হৈ পৰে দালাল মদন দাস ।
মন কৰিবলগীয়া কথা যে, প্ৰতাৰক মদন দাসে গোটৰ মহিলা সকলক ভয় ভাবুকি দি কয় যে ‘মই এটকাও ঘুৰাই দিৱ নোৱাৰিম আপোনালোকে কি কৰিব পাৰে কৰক।’
‘মোৰ লগত DC আছে ,প্ৰশাসন আছে মোক একো কৰিব নোৱাৰিবা।’

পিছত উপায় বিহীন হৈ দৰিদ্ৰ মহিলা সকলে শালকোচা উপ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে প্ৰশাসনে দালাল মদন দাসৰ বিৰুদ্ধে কি ব্যাৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যনীয় হ’ব।

