ৰকিবুল হুছেইনে চামগুৰি সমষ্টিটো নিজৰ পৈতিক সম্পত্তি বুলি ভাবিছে। পিতৃৰ পিছত তেওঁ আৰু এতিয়া তেওঁ সাংসদ হোৱাৰ পিছত তেওঁৰ পুত্ৰক সমষ্টিটো প্ৰক্ষেপ কৰাৰ চিন্তা কৰিছে। এই মন্তব্য বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ।আজি পূৰ্বৰ চামগুৰি সমষ্টি আৰু বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ অধীনলৈ অহা সুতাৰ গাঁও পঞ্চায়তত কৃতি ছাত্ৰ ছাত্ৰীক ঘৰে ঘৰে শুভেচ্ছা জনাবলৈ আহি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধায়ক গোস্বামীয়ে আৰু কয় চামগুৰিত কংগ্ৰেছ দলে আৰু প্ৰাৰ্থী নাপালে নেকি ।

উল্লেখযোগ্য যে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন ধুবুৰীৰ সাংসদ হিছাপে নিৰ্বাচিত হোৱাৰ পিছত চামগুৰিত বিধান সভা আসনখন খালি হোৱাত এই আসনখন যাতে কংগ্ৰেছৰ হাততে থাকে তাৰ বাবে পূৰ্বৰ বিধায়ক ৰকিবুল হুছেইনে তৎপৰতা অব্যাহত ৰখাৰ লগতে নিজৰ পুত্ৰক সমষ্টিটোৰ পৰা প্ৰক্ষেপ কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে।তেনে সময়তে আজি বিধায়ক জিতু গোস্বামীয়ে চামগুৰি সমষ্টিটোৰ সম্পৰ্কে এনেদৰে মন্তব্য কৰাৰ উপৰিও কয় আমি চৰকাৰত থকা বিধায়ক।বিধায়ক পূজি চামগুৰিত দিব নোৱাৰো যদিও চামগুৰি উন্নয়নৰ কাৰে মুখ্যমন্ত্ৰীৰ আচুতীয়া পূজি আৰু পঞ্চদশ বিত্তীয় পূজিৰ অধীনত চামগুৰিৰ এটা ভৱনলৈ পাঁচ লাখ টকা দিব পাৰিছো।ৰকিবুল হুছেইন বিধায়ক আছিল যদিও তেওঁ বিধায়ক পূজিৰ বাহিৰে আন একো দিব পৰা নাছিল।

কিন্তু মুখ্যমন্ত্ৰীৰ হাতত বহুত ধৰণৰ পূজি আছে সেই কাৰণে আমি দিব পাৰিছো।তেওঁ যদি বৰ্তমান সময়ত চামগুৰি বাসীৰ বাবে কাম কৰিলে হয় তেনেহলে ৰাইজে আমাক নিবিচাৰিলে হয় বুলি মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে।ইফালে প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন সাংসদ হিছাপে নিৰ্বাচিত হোৱাৰ পিছত চামগুৰিত ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ সময়লৈ কোন বিধায়ক হিছাপে নিৰ্বাচিত হয় সেইটো লৈ এতিয়াও কোনো ধৰণৰ নিৰ্বাচনী বতাহ বলা নাই যদিও অগপৰ কৰ্মী সকলে সমষ্টিটোত এজন প্ৰৰ্থী দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ উপৰিও বিজেপিৰ কৰ্মী সকলে বিজেপিৰ এজনক প্ৰাৰ্থী হিছাপে পোৱাটো বিছাৰিছে যদিও উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতহে গম পোৱা যাব চামগুৰিৰ আসনখন বিজেপি মিত্ৰজোটে বিজেপিৰ হাতত ৰাখেনে নাই অগপক এৰি দিয়ে।

