Himanta Biswa Sarma: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। চিকিৎসকে জুবিন গাৰ্গক সাগৰ আৰু জুইৰ পৰা দূৰত থাকিবলৈ কঠোৰভাৱে নিষেধ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন তোলে—তেন্তে ছবিখনৰ শ্বুটিং সাগৰত কেনেকৈ হ’ল?
বৰ্তমান সময়ত অসমৰ বিভিন্ন ছবিগৃহত চলি থকা ‘ৰৈ ৰৈ বিনালে’ ছবিখনে অসমীয়া ছবিৰ সকলো ৰেকৰ্ড ভংগ কৰি কোটি কোটি টকা উপাৰ্জন কৰিছে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে ছবিখন উপভোগ কৰা নাই। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ জানুৱাৰী মাহত ছবিখন চাব।

মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয়—
“জুবিনক নেমকেয়াৰ হাস্পাতালৰ পৰা স্পষ্ট নিৰ্দেশ দিয়া হৈছিল সাগৰ আৰু জুইৰ পৰা দূৰত থাকিবলৈ। জীৱিত অৱস্থাত যদি চিকিৎসকে সাগৰত যাবলৈ বাধা দিছিল, তেন্তে সেই ছবিখনৰ শ্বুটিং সাগৰত কেনেকৈ হ’ল? যেতিয়া মই চিনেমাখন চাম, তেতিয়া এই প্ৰশ্নবোৰ ফাইলত লিখিব লাগিব।”
তেওঁ লগতে কয় যে জুবিন গাৰ্গৰ চিনেমা চাবলৈ নোযোৱাৰ বাবেই পোষ্ট মেলনৰ অনুষ্ঠানো উপস্থিত নাথাকে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ চলা তদন্তৰ পাছতে তেওঁৰ সৈতে কৰা গাফিলতি আৰু দায়িত্বহীনতাৰ বিষয়টোও তদন্তৰ আওতাত অনা হ’ব।
“বহুদিন ধৰি জুবিন গাৰ্গৰ জীৱনৰ সৈতে হেতালি খেলা হৈছে,” বুলি ক’লে মুখ্যমন্ত্ৰীয়ে।
উল্লেখযোগ্য যে, এই ডিচেম্বৰ মাহতেই জুবিন গাৰ্গ হত্যাকাণ্ডৰ ছাৰ্জশ্বীট দাখিল কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আগতেই স্পষ্ট কৰিছিল। তেওঁ দাবী কৰে যে জুবিনক এজন লোকে হত্যা কৰিছে আৰু আন কিছুমানে তাত সহায় কৰিছে। এই প্ৰেক্ষাপটতে মুখ্যমন্ত্ৰীয়ে পুনৰ কৈছে যে জুবিন গাৰ্গক লৈ বহুদিন ধৰি ষড়যন্ত্ৰ চলি আহিছিল।
ইয়াৰ ফলত ‘ৰৈ ৰৈ বিনালে’ ছবিৰ প্ৰযোজকো পৰৱৰ্তী সময়ত তদন্তৰ আওতাত আহিব পাৰে বুলি ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে। আগন্তুক দিনবোৰত এই বিষয়ত আৰু কি কি তথ্য পোহৰলৈ আহে, সেয়া লক্ষ্যণীয় হ’ব।

